গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।স্বচ্ছ ভাৰত অভিযানৰ অষ্টম বৰ্ষপূৰ্তিৰ উপলক্ষে বৃহস্পতিবাৰে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জল জীৱন আঁচনিৰ জলমিত্ৰই চাকৰি নিয়মীয়াকৰণৰ বাবে কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
তেওঁ কয় যে, জলমিত্ৰসকলে আগতে কাম নকৰাকৈ আছিল । এতিয়াৰ পৰা জলমিত্ৰসকলে কাম কৰি জলজীৱন মিছন সফল কৰিব লাগিব । তাৰ বিনিময়ত ৬৫০০ টকা দিয়াৰ বাবে নিৰ্ধাৰণ কৰিছোঁ । কিন্তু প্ৰথম দিনাৰ পৰাই প্ৰতিবাদত নামিলে সহ্য কৰা নহ’ব ।আন্দোলন কৰা জলমিত্ৰসকলৰ পৰিৱৰ্তে বেলেগ মানুহক নিয়োগ কৰা হ’ব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।
Comments