Cartoon
View Older
গুৱাহাটী,৩০ ছেপ্টেম্বৰ:৭ বছৰৰ অন্তত দেশত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় ক্রীড়া। কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সম্পন্ন হয় ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান। দেশৰ প্ৰধান মন্ত্ৰী তথা আয়োজক ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰে সম্পন্ন হয় মেগা প্রতিযোগিতাখনৰ মুকলি অনুষ্ঠান।
ইতিমধ্যে খেলসমূহ আৰম্ভ হৈছে যদিও প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে কালিৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে ১২ অক্টোবৰত সমাপ্ত হ'ব। এই প্রতিযোগিতাখনত ৩৬ টাকৈ খেল অন্তর্ভুক্ত কৰাৰ লগতে ৭০০০ খেলুৱৈয়ে অংশগ্রহণ কৰিছে। য'ত মীৰাবাঈ চানু, নীৰজ চোপ্ৰাৰ দৰে ক্ৰীড়াজগতৰ বহু বৃহৎ ব্যক্তিয়ে এই প্রতিযোগিতাখনত অংশগ্রহণ কৰিব।
Comments