গুৱাহাটী,৩০ ছেপ্টেম্বৰ:১৯৯৬ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ মাত্ৰ ছয় বছৰৰ পাছত দক্ষিণ এছিয়াৰ এখন সৰু দেশ ইষ্ট টিমৰৰ বিচপ কাৰ্লোছ বেলোৰ বিৰুদ্ধে কিশোৰ-কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।দীৰ্ঘদিন ধৰি ঔপনিৱেশিক দক্ষিণ এছিয়াৰ এই দেশখনৰ বাসিন্দাসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কাৰ্লোছে কৰা প্ৰশংসনীয় ভূমিকাৰ বাবে নোবেল বঁটা প্ৰদান কৰিছিল । জানিব পৰা মতে, ২০০২ চনৰ পৰা দেশৰ বহু কিশোৰ-কিশোৰীক তেওঁ নিৰ্যাতন আৰু ধৰ্ষণ কৰিছিল । কেৱল সেয়াই নহয়, কাৰ্লোছে তেওঁলোকক টকাৰে নিমাত কৰি ৰাখিছিল।
২০১৯ চনৰ পৰা এই অভিযোগৰ তদন্ত চলি আছিল কাৰ্লোছৰ বিৰুদ্ধে। ভেটিকান চিটিয়ে বৃহস্পতিবাৰে কয় যে বিচপগৰাকীৰ অধিকাংশ ক্ষমতা কাঢ়ি লোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক আদেশ জাৰি কৰা হৈছে।ভেটিকানৰ সূত্ৰ অনুসৰি বিগত ২০ বছৰ ধৰি কাৰ্লোছে পূব টিমৰৰ কিশোৰ-কিশোৰীসকলক যৌন নিৰ্যাতন চলাই আহিছে। তেওঁলোকে কয় যে বিচপৰ ক্ষমতা বহু পৰিমাণে কৰ্তন কৰা হৈছে। তদুপৰি শিশু আৰু কিশোৰ-কিশোৰীৰ সৈতে তেওঁৰ সংস্পৰ্শও নিষিদ্ধ কৰা হৈছে।
Comments