গুৱাহাটী, ৩০ ছেপ্টেম্বৰঃ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে শুক্ৰবাৰে দেশৰ দ্বিতীয় চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) হিচাপে দায়িত্ব গ্ৰহণ কৰে। ২০২১ চনৰ ডিচেম্বৰত দেশৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পিছত উক্ত পদটো ৯ মাহৰো অধিক সময় ধৰি খালী হৈ আছিল।
ইপিনে, চিডিএছ হিচাপে দায়িত্ব গ্ৰহণ কৰি অনিল চৌহানে ভাষণত কয় যে, "মই সেনাবাহিনীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু মোৰ সকলো আশা-প্ৰত্যাশা পূৰণ কৰাৰ লগতে সকলো প্ৰত্যাহ্বান আৰু সমস্যাত একেলগে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছো।
আনহাতে, চিডিএছ হিচাপে দায়িত্ব গ্ৰহণৰ পিছত চৌহানে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰে আৰু চাউথ ব্লক লনত ৩-সেনা বাহিনীৰ গাৰ্ড অফ অনাৰ পৰিদৰ্শন কৰে। চিডিএছ চৌহানে পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক চাউথ ব্লক কাৰ্যালয়ত সাক্ষাত কৰে।
আজিৰ এই অনুষ্ঠানত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, ভাৰতীয় বায়ু সেনাপ্ৰধান এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ-সেনাৰ উপ-প্ৰধান এছ এন ঘোৰমাড়ে আৰু এয়াৰ মাৰ্শ্বেল বি আৰ কৃষ্ণা উপস্থিত থাকে।
Comments