গুৱাহাটী,৩০ ছেপ্টেম্বৰ: ঢাকাকে ধৰি বাংলাদেশৰ সকলো অঞ্চলতেই দেশৰ সংখ্যালঘু হিন্দু সকলে পূজা উদযাপন কৰিছে । কিন্তু এই মহোৎসৱে ঢাকা আৰক্ষীক যথেষ্ট অস্বস্তিত পেলাইছে । কাৰণ যোৱা বছৰ এই পূজাৰ সময়তেই বাংলাদেশৰ বিভিন্ন পেন্দেলত দুৰ্বৃত্তই আক্ৰমণ চলাইছিল।
সেই কথা মনত ৰাখি ঢাকা আৰক্ষীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো নুই কৰা নাই। ঢাকা আৰক্ষী আয়ুক্ত ছফিকুল ইছলামৰ মতে এই পূজাত দুই ধৰণৰ মানুহে আক্ৰমণ কৰে । এটা প্ৰত্যক্ষ সন্ত্ৰাসবাদী আক্ৰমণ আৰু আনটো হৈছে ছ’চিয়েল মিডিয়াৰ উৰাবাতৰিৰ জৰিয়তে আক্ৰমণ ।
বৃহস্পতিবাৰে তেওঁ ঢকেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰি এই কথা ব্যক্ত কৰে । যোৱা বছৰ কমিলাৰ এটা পূজা মণ্ডপত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। মন্দিৰ, মূৰ্তি, পেভিলিয়ন ভাঙি পেলোৱা হৈছিল। তাৰ বাবেই বাংলাদেশৰ ২২খন জিলাত আৰক্ষী মোতায়েন কৰা হৈছিল। কমিলা কাণ্ডৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৩ জন লোকক। কমিল্লাৰ উপৰিও চান্দপুৰ, চাপাইনবাগাঞ্জ, চট্টগং, কক্স বজাৰত মন্দিৰত আক্ৰমণ সংঘটিত হৈছে।
Comments