Cartoon
View Older
গুৱাহাটী,৩০ ছেপ্টেম্বৰ: অসমৰ উগ্ৰপন্থী সংগঠন ডিমাছা নেচনেল লিবাৰেচন আৰ্মীয়ে শুকুৰবাৰে একপক্ষীয় যুদ্ধবিৰতি আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰে।গ্ৰুপটোৰ অধ্যক্ষই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি যুদ্ধবিৰতি চুক্তিৰ সময়সীমা আৰু ছমাহলৈ বৃদ্ধি কৰাৰ বাবে ঘোষণা কৰে ।
২০২৩ চনৰ ৩১ মাৰ্চত ছমাহৰ সময়সীমা সমাপ্ত হ’ব।অধ্যক্ষগৰাকীয়ে পত্ৰখনত লিখিছে যে শান্তি, আলোচনা আৰু উন্নয়ন সাধনৰ বাবে তেওঁলোকে যুদ্ধবিৰতি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।ইয়াৰ পূৰ্বে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত শান্তিৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই সদিচ্ছাৰ ইংগিত হিচাপে ডি এন এল এয়ে ৬ মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।
Comments