Cartoon
View Older
গুৱাহাটী,২ অক্টোবৰ:অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ। ১৩ নৱেম্বৰত হ’ব ইয়াৰ বহু প্ৰত্যাশিত ফাইনেলমেচ খন। আজি আই চি চিয়ে ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন। বিজয়ী দলটোৱে লাভ কৰিব ১৬ লাখ মাৰ্কিন ডলাৰ। ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ৮ লাখ মাৰ্কিন ডলাৰ। ছেমি ফাইনেলত পৰাজিত হোৱা দুটা দলে প্ৰত্যেকেই লাভ কৰিব ৪ লাখ মাৰ্কিন ডলাৰ।
এইবাৰৰ টি-২০ বিশ্বকাপত মুঠ পুৰস্কাৰৰ ধন হ’ল ৫৬ লাখ মাৰ্কিন ডলাৰ। ছুপাৰ টুৱেলভ পৰ্যায়ৰ পৰা বাহিৰ হ’বলগীয়া ৮টা দলৰ প্ৰতিটো দলে লাভ কৰিব ৭০ হাজাৰ মাৰ্কিন ডলাৰ।ছুপাৰ ১২ত যোৱাবাৰৰ দৰেই ৩০খন মেচত বিজয়ী দলটোৱে লাভ কৰিব ৪০ হাজাৰ ডলাৰ। মন কৰিব যে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাই ইতিমধ্যে ছুপাৰ ১২ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
Comments