Cartoon
View Older
গুৱাহাটী,২ অক্টোবৰ: আজি গুৱাহাটীত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্রিকেট।বৰ্ষাপাৰাত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব খেলখন।ইতিমধ্যে দুয়োটা দলে দুদিন ধৰি অনুশীলন কৰিছে বৰ্ষাপাৰাত।
আনহাতে বৰ্ষাপাৰাত খেল উপভোগ কৰিবলৈ যাব লগা দৰ্শকসকলে মোবাইল ফোন, মাণিবেগ আৰু গাড়ী চাবিৰ বাহিৰে নিব নোৱাৰিব কোনো সামগ্ৰী।এই কথা অৱগত কৰিছে অসম ক্ৰিকেট সন্থাই।উল্লেখ্য যে বৰ্ষাপাৰা ২২গজত ভাৰত-দক্ষিণ আফ্ৰিকা তাৰকা খেলুৱৈ প্ৰদৰ্শন চাবলৈ অধিক আগ্ৰহেৰে ৰৈ আছে ক্ৰিকেটপ্ৰেমীসকল।
Comments