গুৱাহাটী,২ অক্টোবৰ:অৱশেষত ৭২ ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ ৷ দেওবাৰে পুৱাৰে পৰা NDRF, SDRF আৰু BSF ৰ এটা বৃহৎ দলে অভিযান চলাই উদ্ধাৰ কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ ৷ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে ৷উল্লেখ্য যে, বিগত ২৯ ছেপ্টেম্বৰত ধুবুৰীত সংঘটিত হৈছিল এটা ভয়ংকৰ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত বহুকেইজন লোকৰ সৈতে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসো সন্ধানহীন হৈ আছিল ৷
উল্লেখ্য যে, বিগত ২৯ ছেপ্টেম্বৰত ধুবুৰীত সংঘটিত হৈছিল এটা ভয়ংকৰ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত বহুকেইজন লোকৰ সৈতে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসো সন্ধানহীন হৈ আছিল ৷ উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহজানিব পৰা মতে, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল । এই তিনিজনীয়া দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেজ উদ্দিন আৰু পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী ।কিন্তু দুৰ্ভাগ্যবশতঃ আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই অভিশপ্ত নাও দুৰ্ঘটনাটো । ইতিমধ্যে এই অভিশপ্ত নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত এল এণ্ড টি কোম্পানীৰ দুই অভিযন্তাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷
Comments