Cartoon
View Older
গুৱাহাটী,৫ অক্টোবৰ:উত্তৰাখণ্ডত অঘটন ৷ মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী শৃংগত হিমস্খলন হৈ ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয় ৷ লগতে আন কেইবাজনো পৰ্বতাৰোহী হিমস্খলনৰ মাজত আৱদ্ধ হৈ আছে বুলি আশংকা কৰিছে ৷
জানিব পৰামতে, নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা ৮.৪৫ বজাত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ উত্তৰকাশী দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে জনোৱা অনুসৰি আৱদ্ধ সকলৰ ভিতৰত আঠজনক উদ্ধাৰ কৰা হৈছে ৷ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী আৰু এনআইএমৰ পৰ্বতাৰোহীৰ এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
Comments