Cartoon
View Older
গুৱাহাটী,৫ অক্টোবৰ:বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশবাসীক কাৰো ধৰ্মীয় আৱেগক আঘাত কৰা কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। বাংলাদেশ সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুসৰি, দুৰ্গা পূজা উপলক্ষে ৰাজধানীৰ ঢকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰত আয়োজিত অনুষ্ঠানত ভাৰ্চুৱেলি অংশ গ্ৰহণ কৰি মঙলবাৰে হাছিনাই এই মন্তব্য প্ৰদান কৰিছে।
তেওঁ কয়,“দেশৰ বিভিন্ন অংশত সংঘটিত হোৱা অপ্ৰীতিকৰ কাণ্ডক চৰকাৰে শাস্তিমূলক ভাৱে দমন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । দেশত ধৰ্মীয় সম্প্ৰীতি নিশ্চিত কৰাৰ বাবে চৰকাৰ সদায় সজাগ হৈ থাকে। যেতিয়াই কোনো দুৰ্ঘটনা সংঘটিত হয়, তেতিয়াই চৰকাৰে ইয়াৰ বিৰুদ্ধে থিয় দিয়ে। কাৰণ আমি বিচাৰো যে এই দেশৰ সকলো নাগৰিকে ধৰ্ম নিৰ্বিশেষে নিজৰ ধৰ্মীয় নীতি নিয়ম সমানে পালন কৰিব পাৰে।”
Comments