Cartoon
View Older
গুৱাহাটী,৫ ছেপ্টেম্বৰ:উত্তৰাখণ্ডৰ ভয়াৱহ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী। সন্ধানহীন হৈ আছে অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকা । দীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীৰ ৰাজগড়ত । আনহাতে, অসমৰ আন এগৰাকী পৰ্বতাৰোহী ভাৰ্গৱ বৰা সুকলমে উভতি আহিছে এই ভয়াৱহ দুৰ্ঘটনাৰ পৰা ।
সোমবাৰে উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে । আনহাতে, বৰ্তমানেও সন্ধানহীন হৈ আছে ১১ জন পৰ্বতাৰোহী । পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে । উল্লেখ্য যে উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন । প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু ৭জন প্ৰশিক্ষকৰ দল উভতি আহোঁতে সংঘটিত হৈছে এই অঘটন ।
Comments