গুৱাহাটী, ৫ অক্টোবৰ:সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ২০২৪ চনক লোকসভা নিৰ্বাচন । সেয়েহে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । সেই প্ৰস্তুতিৰ মাজতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰিলে অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী । ঘোষণা কৰা হ'ল ক'ৰ কমিটী, নিৰ্বাচন কমিটী, বিত্ত সমিতি আৰু অনুশাসন সমিতি ।
ক'ৰ কমিটীত আছে দলৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ, উপ-সভানেত্ৰী বিজুলী কলিতা মেধী, উপ-সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লু ৰঞ্জন শৰ্মা ।আনহাতে, ক'ৰ কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহকাৰী প্ৰভাৰী পৱন শৰ্মা, উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা।
সেইদৰে নিৰ্বাচন সমিতিত আছে দলৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, অশোক সিংহল, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, সাংসদ ডাঃৰাজদ্বীপ ৰয়, কামাখ্যা প্ৰসাদ তাছা, উপ-সভাপতি নৱ কুমাৰ দলে, অ’বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা।নিৰ্বাচন কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহকাৰী প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা ।
বিত্তীয় সমিতিত আছে অধ্যক্ষ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, সদস্য সচিব ৰাজকুমাৰ শৰ্মা, সদস্য মনোজ ছৰফ, বিজয় কুমাৰ গুপ্তা আৰু বিধায়ক কৃষ্ণেন্দু পাল ।ইফালে, বিজেপিৰ অনুশাসন সমিতিত আছে অধ্যক্ষ মিছন ৰঞ্জন দাস, সদস্য সচিব বিজন মহাজন, সদস্য ৰেখা ৰাণী দাস বড়ো, ধ্ৰুৱ প্ৰসাদ বৈশ্য আৰু ভৱেন শৰ্মা ।
Comments