গুৱাহাটী,৮ জুন:৯ জুনৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫ খন টি-২০ মেচৰ শৃংখলাত অৱতীৰ্ণ ৫ হ’ব টীম ইণ্ডিয়া। শৃংখলাৰ পূৰ্বে আজি এক সংবাদমেলত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্রাবিড়ে দলৰ প্ৰস্তুতি সম্পর্কে কেইবাটাও গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়।
আই পি এলত দুর্দান্ত প্রদর্শন আগবঢ়াই তিনিবছৰৰ অন্তত ভাৰতীয় দলত স্থান লাভ কৰা দিনেশ কার্তিক ক্ষেত্ৰত চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই প্রশিক্ষকগৰাকীয়ে কয় – দিনেশক স্পষ্ট ভূমিকা দিয়া হৈছে। তেওঁক মেচখন শেষ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। কার্তিকে আই পি এলত ফিনিশ্বাৰৰ ৰূপত প্ৰদৰ্শন কৰাৰ দৰে এতিয়া টীম ইণ্ডিয়াৰ বাবেও একে কাম কৰিব লাগিব। এই কাৰণতে তেওঁ ভাৰতীয় দলতো স্থান লাভ কৰিছে।
ইফালে ক্রমাগত ১৩ খন টি-২০ আন্তর্জাতিক মেচত জয়ী হৈ প্ৰথমটো দল হিচাপে বিবেচিত হোৱাৰ ক্ষেত্ৰত এখোজ দূৰৈত থকা টীম ইণ্ডিয়াৰ অভিলেখ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নত দ্রাবিড়ে কয় – আমি অভিলেখৰ কথা চিন্তা কৰা নাই। আমি কেৱল মেচখনত জয়ী হ'ব লাগিব। আনহাতে, আই পি এলত বেটে-বলে উজলাৰ উপৰি অধিনায়কত্বত চমক সৃষ্টি কৰি প্ৰথমটো ছিজনতে গুজৰাট টাইটান্ছক খিতাপৰ সোৱাদ প্ৰদান কৰা অধিনায়ক হার্দিক পাণ্ডিয়াক প্রসংসা কৰে প্ৰশিক্ষক দ্রাবিড়ে।
ভাৰতৰ দেৱাল হিচাপে খ্যাত দ্রাবিড়ে কয় – হার্দিকে বেটিং কৰা দেখিবলৈ পাই মই আনন্দিত আৰু আমি বেটিং বলিং আৰু ফিল্ডিঙৰ তিনিওটা দিশতে তেওঁৰ অৱদানৰ বাবে বাট চাই আছোঁ।
ইফালে আই পি এলত গতিৰে বিশ্ববাসীৰ সন্মুখত চিনাকি মুখ হৈ পৰা উমৰান মালিকৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰশিক্ষকগৰাকীয়ে। তেওঁৰ মতে, উমৰানৰ গতি আছে আৰু প্ৰতিটো ছেশ্যনতে তেওঁ শুধৰণি কৰি আছে। তেওঁৰ এতিয়াও বহুত শিকিবলগীয়া আছে।
আনহাতে, অধিনায়ক ৰোহিত শৰ্মাৰ দুৰ্বল ফৰ্ম আৰু জিৰণি সন্দৰ্ভত তেওঁ কয়— ৰোহিত প্ৰতিটো ফৰ্মেটৰ খেলুৱৈ। প্ৰতিখন মেচৰ বাবে সকলো খেলুৱৈক উপলক্ষ কৰিব নোৱাৰি। আমি বিচাৰোঁ তেওঁ ফিট আৰু সতেজ হৈ থাকক। যেতিয়া তেওঁ দললৈ ঘূৰি আহিব তেতিয়া তেওঁ চেম্পিয়ন খেলুৱৈ হিচাপে উভতি আহিব। কেতিয়াবা আমি তাৰকা খেলুৱৈসকলক জিৰণি দিয়াটো আৱশ্যক।
Comments