গুৱাহাটী,৮ জুন:অহা পাঁচ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা নিৰ্দেশনা অনুযায়ী বংগোপসাগৰৰ পৰা অহা শক্তিশালী দক্ষিণ পশ্চিমীয়া বতাহৰ প্ৰভাৱৰ বাবে পৰৱৰ্তী পাঁচ দিনত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিৰৱিচ্ছিন্ন ভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ মতে, নগালেণ্ডত, মন, লংলেং, টুয়েনচাং, কোহিমা আৰু পেৰেন জিলাত ৯ জুনলৈ ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, নগালেণ্ডৰ মকোকচুং, কিফিৰে, ফেক, ডিমাপুৰ, জুনহেবোটো আৰু ৱোখা জিলাতো একেদিনাই বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৯ আৰু ১০ জুনত ডিমাপুৰ, ৱোখা, মোকোকচুং, জুনহেবোটো, কিফিৰে আৰু ফেকত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
Comments