গুৱাহাটী,৮ জুন:পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আৰম্ভ কৰিছে ড্রোন যুদ্ধ কৌশল। ড্রোনেৰে চোৰাংচোৱাগিৰি কৰাৰ পাছত পাকিস্তানে শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰু পঞ্জাবত ড্রোনেৰে বোমা বর্ষণ কৰাৰ অভিসন্ধি ৰচনা কৰিছে। জম্মুৰ কানাচক এলেকাত বি.এছ.এফে ধৰা পেলালে বোমাবাহী পাকিস্তানী ড্রোন।কানাচক এলেকাত সন্দেহজনকভাৱে উৰি ফুৰা এখন ড্রোন প্রত্যক্ষ কবি বি এছ এফে গুলীচালনা কৰে। বি এছ এফৰ গুলীত ভূপতিত হয় ড্রোনখন।
ড্রোনখন পৰীক্ষা কৰি বি এছ এফে তাত তিনিটা টিফিন সংলগ্ন কৰি থোৱা দেখা পায়। এই টিফিনকেইটাৰ ভিতৰত আছিল বিস্ফোৰক। বিস্ফোৰকৰ সৈতে সংযুক্ত কৰা হৈছিল টাইমাৰ। তথাকথিত টিফিন বোমাকেইটা পৃথক পৃথক সময়ত বিস্ফোৰিত হোৱাকৈ সংস্থাপন কৰা হৈছিল। বি এছ এফৰ বোমা বিশেষজ্ঞই পাছত টিফিন বোমাকেইটা নিষ্ক্রিয় কৰে। উল্লেখযোগ্য যে বোমাকেইটা যিকেইটা টিফিনত সংস্থাপন কৰা হৈছিল, সেইবোৰ সৰু ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ নিয়া টিফিন আছিল। এই টিফিন বোমাকেইটা ড্রোনেৰে সংগোপনে কোনো ঠাইত পেলাই থৈ বিস্ফোৰণ ঘটোৱাৰ অভিসন্ধি ৰচনা কৰিছিল পাকিস্তানে।
Comments