Cartoon
View Older
গুৱাহাটী,৮ জুন:হাৰিয়ানাৰ পাঁচকুলাত চলি থকা খেলো ইণ্ডিয়া যুৱ গেমছৰ চতুর্থ দিনা অসমৰ খেলুৱৈয়ে এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক দখল কৰিছে। অসমে এতিয়ালৈকে এই গেমছত মুঠ ১৩টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি অসমৰ হৈ ৰূপৰ পদক দখল কৰে ভাৰোত্তোলনৰ ল'ৰাৰ ১৮ বছৰ অনূৰ্দ্ধৰ ৮১ কেজি শাখাত ত্ৰিদিপ বৰুৱাই। ত্ৰিদিপে স্নেটছত ১৩২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৫৬ কেজি উত্তোলন কৰে। সামগ্রিকভাবে তেওঁ ২৮৮ কেজি উত্তোলন কৰি দ্বিতীয় স্থানত থাকে।
ভাৰোত্তোলন ইভেন্টৰে ৭৩ কেজি শাখাত অসমৰ হৈ ব্ৰঞ্জৰ পদক দখল কৰে প্ৰবাল প্রতিম গগৈয়ে। প্রবালে স্নেটছত ১১৬ কেজি আৰু ক্লিন এণ্ড জার্কত ১৪৫ কেজি উত্তোলন কৰে। মুঠ ২৬২ কেজি উত্তোলন কৰি তেওঁ তৃতীয় স্থান লাভ কৰে। ইফালে, উপাসা তালুকদাৰে ছোৱালীৰ ১৮ বছৰ অনুৰ্দ্ধৰ ৰিডমিক জিমনাষ্টিক্ছত আজি ব্ৰঞ্জৰ পদক দখল কৰে।
Comments