গুৱাহাটী, ৮ জুনঃ লক্ষ্ণৌত এক আচৰিত ঘটনা সংঘটিত হৈছে, য'ত এগৰাকী ১৬ বছৰীয়া কিশোৰে নিজ মাতৃক জনপ্রিয় অনলাইন গেম পাবজি (PUBG) খেলিবলৈ বাধা দিয়াত গুলীয়াই হত্যা কৰে।
পৰৱৰ্তী সময়ত ঘটনাটোৰ বিষয়ে অৱগত হোৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধানৰ পিছত জানিব পাৰিলে যে ১৬ বছৰীয়া ল'ৰাজনে নিজৰে মাকক গেম খেলিব নিদিয়াত গুলীয়াই হত্যা কৰিছে। এই তথ্য পূব লক্ষ্ণৌৰ এডিচিপি কাছিম আবিদীয়ে প্ৰকাশ কৰে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে, "ল'ৰাজন খেলৰ প্ৰতি ইামনে আসক্ত আছিল আৰু তেওঁৰ মাকে তেওঁক খেলিবলৈ বাধা দিয়াত দেউতাকৰ পিষ্টল লৈ আহি মাকক গুলীয়াই হত্যা কৰে।
ইপিনে, এ ডিচিপিয়ে আৰু জনাইছে যে, "ল'ৰাজনে তদন্তৰ সময়ত আৰক্ষীক কোনো ইলেক্ট্ৰিচিয়ানৰ বিষয়ে এটা ভুৱা কাহিনী বৰ্ণনা কৰি বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। আমি বৰ্তমান এই ল'ৰাজনক জিম্মাত লৈছো আৰু পৰৱৰ্তী তদন্ত চলাই আছোঁ।"
Comments