Cartoon
View Older
গুৱাহাটী,৮ জুন: এতিয়াও দেশত হ্ৰাস হোৱা নাই কৰ'নাৰ সংক্রমণ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠতে ৫,২৩৩ গৰাকী লোক ক'ৰ’নাত আক্ৰান্ত হৈছিল। কিছুদিনৰ পৰা দেশত দৈনিক চাৰি হেজাৰতকৈ অধিক ক'ৰ'না আক্রান্তক চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে দেশত শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত হোৱা লোকতকৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হ্রাস হৈছে অৰ্থাৎ বাঢ়িছে চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা। বর্তমান দেশত চিকিৎসাধীন ক’ৰনা আক্রান্তৰ সংখ্যা ২৮,৮৫৭লৈ বৃদ্ধি হৈছে। স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭ কৰ'না আক্ৰান্তৰ মৃত্যু হৈছিল।
Comments