গুৱাহাটী,৮ জুন:অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে ৰাজ্যৰ ১০ খন আৰক্ষী থানাৰ বাবে শীৰ্ষক এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ অসম চৰকাৰ গৃহ বিভাগ, অসম আৰক্ষী, সমাজ কল্যাণ এই তিনিটা বিভাগৰ নেতৃত্বত ডিব্ৰুগড়, শিৱসাগৰ, শোণিতপুৰ, নগাঁও, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং , কাছাৰ, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত আজি এই বিশেষ কোষ মুকলি কৰা হয় ।
বিশেষ কোষ শুভাৰম্ভ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যেতি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে অসম চৰকাৰৰ গৃহ বিভাগ, অসম পুলিচ আৰু সমাজ কল্যাণ বিভাগৰ নেতৃত্বত আজি দহটা বিশেষ কোষ গঠন কৰা হৈছে অসমৰ দহখন আৰক্ষী থানাত বিশেষকৈ মহিলা সকলৰ বাবে ।ইয়াৰ মূল লক্ষ্য হৈছে অসমত মহিলাৰ লগত জড়িত অপৰাধ জনিত ঘটনাসমূহক লৈ অসম আৰক্ষী কঠোৰ হোৱা । এয়া অসমৰ বাবে ঐতিহাসিক ক্ষণ । কাৰণ বিভিন্ন সময়ত বিভিন্ন বিভাগে পৃথক-পৃথককৈ কাম কৰি থাকে কিন্তু এইবাৰ অসম চৰকাৰৰ গৃহ বিভাগ, অসম পুলিচ, সমাজ কল্যাণ বিভাগ মিলি সকলোৱে সমান ভাৱে কাম কৰিব ।
Comments