গুৱাহাটী, ৯ জুনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল ফ্লৰিডাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে, য'ত এগৰাকী ১০ বছৰীয়া কিশোৰীক গ্ৰেপ্তাৰ কৰা হৈছে, কিয়নো ছোৱালীজনীয়ে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰিছিল। ছোৱালীজনীক পিছত আৰক্ষীয়ে জিম্মাত লয় আৰু স্থানীয় কিশোৰ-কিশোৰীৰ ন্যায় কেন্দ্ৰলৈ যোৱা হয়।
আৰক্ষী বিষয়াসকলে জানিব দিয়া অনুসৰি, চেণ্ট্ৰেল ফ্ল'ৰিডাৰ অৰলেণ্ডোৰ বাসিন্দা ছোৱালীজনীয়ে মহিলাগৰাকীক গুলীয়াই হত্যা কৰাৰ কাৰণটো আছিল চুবুৰীয়া মহিলাগৰাকীয়ে তেওঁৰ মাকৰ সৈতে কাজিয়া কৰিছিল।
অৰলেণ্ডো আৰক্ষী বিভাগে লগতে কৈছে যে, "ইয়াৰ আইন অনুসৰি ছোৱালীজনীয়ে ছেকেণ্ড ডিগ্ৰী হত্যাৰ অভিযোগৰ সন্মুখীন হৈছে আৰু তেওঁক জিম্মাত লোৱা হৈছে। লগতে, ছোৱালীজনীৰ মাককো যোৱা সপ্তাহত অপৰাধমূলক কাৰ্যকলাপ, শিশুৰ প্ৰতি অৱহেলা, মাৰাণাস্ত্ৰ ৰখা আৰু অস্ত্ৰৰে গুৰুতৰ আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।"
"ছোৱালীজনীৰ মাকে এটা এপাৰ্টমেণ্ট কমপ্লেক্সৰ বাহিৰত লাচুন ৰোডৰ্ছ নামৰ এগৰাকী ৪১ বছৰীয়া চুবুৰীয়া মহিলাৰ সৈতে কাজিয়া কৰিছিল।
তাৰ পিছত তেওঁৰ ছোৱালীজনীয়ে সেই দৃশ্য দেখি এটা বেগৰ পৰা বন্দুক উলিয়াই গুলী চালনা কৰিছিল, যাৰ ফলত লাচুন ৰোডৰ্ছ নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। পিছত চিকিৎসালয়ত ৰোডাৰ্ছৰ মৃত্যু হয়।"
Comments