গুৱাহাটী,৯ জুন: ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰতো সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত কোঁচ-ৰাজবংশীসকলক জনজাতিকৰণ, কোঁচ-ৰাজবংশী ভাষা অষ্টম অনুসূচীৰ অন্তৰ্ভুক্তি আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত তিনিঘণ্টীয়া অৱস্থান ধর্মঘট পালন কৰে। জিলাখনৰ তিনি শতাধিক অৱস্থান ধর্মঘটকাৰীয়ে বিজেপি চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, এছটি আমাক লাগিবই, সুকীয়া কমতাপুৰ প্ৰদান কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। নেতাগৰাকীয়ে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে বিজেপি দলটোক বিশেষভাৱে সহায় কৰিছিল। সেই মতে বিজেপি দল কেন্দ্ৰত শাসনলৈ আহিছিল। তাৰ পিছত একে প্ৰতিশ্ৰুতিৰে ২০১৬ চনত ৰাজ্যতো বিজেপি দল শাসনলৈ আহিছিল।
কোঁচ ৰাজবংশীসকলৰ সৰলতাৰ সুযোগ লৈ বিজেপি দলটোৱে দ্বিতীয়টো নির্বাচনতো সমর্থন আদায় কৰি ৰাজ্য আৰু কেন্দ্ৰত শাসনলৈ আহিল। কিন্তু দুর্ভাগ্যজনক কথা কোঁচ ৰাজবংশীসকলক জনজাতিকৰণকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দি দুবাৰকৈ শাসনলৈ আহি কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। শেহতীয়াকৈ কোঁচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিলে যদিও সেয়াও ভেঁকো ভাওনাত পৰিণত হৈছে।
পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীকে ধৰি আন আন সদস্যসকলে যিখিনি সুবিধা লাভ কৰিব লাগিছিল তাৰ নিম্নতম সুবিধাখিনিও লাভ কৰা নাই বুলি নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।সম্পাদকগৰাকীয়ে কোঁচ ৰাজবংশীসকলৰ উক্ত দাবীসমূহ পূৰণৰ দাবীত ৮ জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।
Comments