নতুন দিল্লী, ৮ জুন:কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীক অহা ১৩ জুন তাৰিখে এনফ'ৰ্ছমেন্ট বিভাগে তলব কৰিছে। নেশ্যনেল হেৰল্ড কাকতৰ সা-সম্পদ, কৰ ফাকি আৰু অন্যান্য লেনেদেনৰ প্ৰসংগত দুইজন শীর্ষ নেতাকে সোধাপোছা কৰিব। ইতিমধ্যে আঠ জুন তাৰিখে তেওঁলোকক তলব কৰিছিল যদিও ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণ আৰু ছোনিয়া গান্ধী ক’ভিডত আক্ৰান্ত হোৱাৰ ফলত তলবৰ তাৰিখ সলনি কৰা পৰিলক্ষিত হ'ল। উল্লেখ্য যে কংগ্ৰেছৰ একাধিক জ্যেষ্ঠ নেতাক ইতিমধ্যে নেচনেল হেৰল্ড কাকতৰ বিষয়ত এনফ’ৰ্চমেন্টে সোধাপোছা কৰিছে।ছোনিয়া গান্ধীয়ে সংস্থাটোৰ পৰা ৩ সপ্তাহৰ পুনৰ সময় বিচাৰিছে কিয়নো তেওঁ এতিয়াও ক'ভিডৰ পৰা সুস্থ হোৱা নাই।সেয়েহে এনফ’র্চমেন্ট বিভাগে শীঘ্ৰেই নতুন চমন জাৰি কৰিব বুলি আশা কৰা হৈছে।
২০১৩ বৰ্ষত বিজেপি নেতা সুব্রমনিয়ম স্বামীয়ে নেশ্যনেল হেৰল্ড কাকত পক্ষই কৰ ফাঁকি দিয়া আৰু ধনৰ অবৈধ লেনদেন কৰা বুলি সন্দেহ প্ৰকাশ কৰি গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত চিবিআই আৰু এনফ’ৰ্চমেণ্ট বিভাগে সমান্তৰালভাৱে তদন্ত কৰি আছে। ইফালে দুই শীর্ষ নেতাক তলব কৰা বিষয়ত কংগ্ৰেছ দলে আনুষ্ঠানিকভানে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৱে কয় যে তেওঁলোকে গোপন কৰিব লগা কোনো বিষয় নাই। আইনৰ ওপৰত কংগ্ৰেছ দলৰ বিশ্বাস আৰু আস্থা আছে। গতিকে দলটোৱে আইনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিব। নেশ্যনেল হেৰল্ডৰ বিষয়ত ইতিমধ্যে স্থিতি স্পষ্ট কৰি দিয়া হৈছে।
Comments