গুৱাহাটী,৯ জুন:কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও সংস্থাৰ শীৰ্ষ কাৰ্যবাহীৰ নতুন বাছনি চলিত মাহতে সম্পন্ন হোৱাৰ আশা আছে। এই বাছনিৰ জৰিয়তে উক্ত সংস্থাসমূহ অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি তোলা হ'ব। উল্লেখ্য যে দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ফিৰতে চি ডি এছ অর্থাৎ চীফ অফ ডিফেন্স ষ্টাফ এগৰাকী বাচনি কৰিব। পূৰ্বৰ চিডি এছ বিপিন ৰাওটৰ বিমান দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱাৰ পিছৰে পৰা উক্ত শীর্ষ পদটো খালী কৰি ৰখা হৈছে। দেশৰ তিনিওটা সেনা বাহিনী ক্রমে স্থলসেনা, বায়ুসেনা, আৰু নৌসেনাৰ নিজা বিভাগীয় মুৰব্বীৰ উপৰিও এগৰাকী সমূহীয়া মুৰব্বী অর্থাৎ চীফ অব ডিফেন্স ষ্টাফ থাকে।
উক্ত পদটো সম্প্ৰতি খালী হৈ আছে আৰু দেশৰ প্রধানমন্ত্রীয়ে অচিৰেই তিনিওটা সেনা বাহিনীৰ পৰা যিকোনো এজন মুৰব্বীক চি ডি এছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। ইফালে প্রধানমন্ত্রীয়ে চলিত মাহতে আই বি অর্থাৎ চোৰাংচোৱা সংস্থা আৰু ৰ' অর্থাৎ গবেষণা আৰু বিশ্লেষণ সংস্থাৰ মুৰব্বীৰ পদতো এজনক নিযুক্তি দিব।
অৱশ্যে চি ডি এছ পদৰ বাবে লেঃ জেনেৰেল ৱাই কে যোশী, লেঃ জেঃ আই পি সিং আৰু লেঃ জেঃ চি বি মহান্তিৰ মাজৰ পৰা এজনক বাচনি কৰিব। ইফালে আই বি অর্থাৎ চোৰাংচোৱা সংস্থাৰ মুৰব্বী হিচাপে বর্তমান কৰ্মৰত হৈ আছে বিহাৰ কেডাৰৰ আই পি এছ বিষয়া এ এছ ৰাজন। তেওঁ ১৯৮৭ বৰ্ষৰ আই পি এছ বুলি প্ৰকাশ পাইছে। লগতে প্ৰতিৰক্ষা বিভাগৰ উপ-সঞ্চালক হিচাপেও ৰাজন কৰ্মৰত হৈ আছে।
এই গুৰুত্বপূর্ণ পদবীকেইটাৰ উপৰিও চলিত মাহতে কেবিনেট সচিব আৰু গৃহ সচিবৰ পদ দুটাত নতুকৈ নিযুক্তি দিয়া হ'ব। বৰ্তমানৰ কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবাই এবছৰীয়া ডেপুটেচন অহা ৩০ আগষ্টত সমাপ্ত হ'ব। গতিকে ইয়াৰ পূৰ্বেই এজন নতুন কেবিনেট সচিব বাচনি কৰিবলৈ মোদী চৰকাৰ সাজু হৈছে আৰু চলিত মাহৰ ভিতৰতে এই ধৰণৰ গুৰুত্বপূৰ্ণ চৰকাৰী পদবীত নিযুক্তি কার্যকৰী কৰাৰ আশা কৰিব পাৰি।
Comments