গুৱাহাটী,৭ জুনঃকে এল ৰাহুল নেতৃত্বাধীন ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টী-২০ ছিৰিজৰ প্ৰথমখন মেচত অহা ৯ জুনত অৱতীৰ্ণ হ'ব। খেলখন অনুষ্ঠিত হ'ব ইয়াৰ অৰুণ জেটলী ক্রিকেট ষ্টেডিয়ামত। এই ছিৰিজৰ পূৰ্বে ভাৰতে একেৰাহে ১২খন টী-২০ মেচত জয়লাভ কৰিছে। গতিকে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰেই ছিৰিজটোত অৱতীৰ্ণ হ'ব ভাৰত। অৱশ্যে ব্যস্ততাপূর্ণ ক্রিকেট সূচীৰ বাবে ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পণ্ট, জছপ্ৰীত বুমৰাহ আৰু মহম্মদ চামীৰ দৰে কেইবাজনো খেলুৱৈক এই ছিৰিজত জিৰণি দিয়া হৈছে। সেয়ে ৰাহুল নেতৃত্বাধীন ঘৰুৱা দলটোৱে উন্নত প্ৰদৰ্শনৰ বাবে কিছু চাপত যে থাকিব তাত কোনো সন্দেহ নাই। অৱশ্যে পৰিসংখ্যাৰ দিশেদি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগবাঢ়ি আছে ভাৰতেই।
এতিয়ালৈকে দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে খেলিছে ১৫খন মেচ। ইয়াৰে ৯খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্রিকাই জয়লাভ কৰিছে ছখন মেচত। কিন্তু দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণত প্ৰদৰ্শন যথেষ্ট উন্নত। ইয়াত খেলা চাৰিখন মেচৰ তিনিখনতে জয়লাভ কৰিছে আলহী দলটোৱে। ঘৰুৱা ভাৰতে জয়লাভ কৰিছে মাত্ৰ এখন মেচতহে। টী-২০ ছিৰিজত উভয় দল অন্তিমবাৰ মুখামুখি হৈছিল ২০১৯ চনৰ ছেপ্টেম্বৰত। তিনিখন মেচৰ সেই ছিৰিজৰ ফল আছিল ১-১। ছিৰিজৰ প্ৰথমখন টী-২০ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল। ভাৰতীয় দলত এইবাৰ কেইবাজনো নৱাগত খেলুৱৈক সুযোগ দিয়া হৈছে। তেওঁলোকৰ ভিতৰত বেগী বলাৰদ্বয় উমৰান মালিক আৰু অৰ্শদীপ সিঙৰ প্ৰদৰ্শনৰ প্ৰতি দৃষ্টি নিবদ্ধ থাকিব সকলোৰে। সেইদৰে এই ছিৰিজত প্ৰত্যাৱৰ্তন ঘটিছে অভিজ্ঞ দীনেশ কার্তিক, হার্দিক পাণ্ডিয়া আৰু কুলদীপ যাদৱৰো। ইফালে টেম্বা বাভুমাৰ নেতৃত্বত অহা দক্ষিণ আফ্রিকাই এই ছিৰিজত আই পি এলত খেলা তেওঁলোকৰ খেলুৱৈসকলৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিছে।
Comments