ফটো: ছাহিল হুছেইন
গুৱাহাটী,৭ জুনঃ যোৱা ৩১ মে'ৰপৰা ৫ জুনলৈ হায়দৰাবাদৰ গাচ্চিবাউলি ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত পাঞ্জা সংস্থা, অসমে পাঁচটা স্বর্ণ, সাতটা ৰূপ আৰু সাতটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অসমৰ হৈ পদক বিজয়ীসকল হ'ল ক্ৰমে: ৭০ কেজিত- ত্রিদীৱ মেধি ব্ৰঞ্জৰ পদক (বাঁওহাত) আৰু ৰূপৰ পদক(সোঁহাত), ৯০ কেজিত- সিদ্ধার্থ মালাকাৰে স্বর্ণ পদক (সোঁহাত আৰু বাওঁহাত),১০০ কেজিত জগদীশ বৰুৱাই ৰূপৰ পদক (সোঁহাত), ১১০ কেজিত কানন বৰগোহাঁয়ে ৰূপৰ পদক (সোঁহাত) । ৫০ কেজিত কৃতিকা দাস স্বৰ্ণ পদক (সোঁহাত আৰু বাঁওহাত) ,ল'ৰাৰ ৫৫ কে:জিত অনুৰাগ দত্তই ব্ৰঞ্জৰ পদক (বাঁওহাত) ,৬০ কেজিত শুভদীপ নাথে ব্ৰঞ্জৰ পদক (বাঁওহাত) অৰ্জন কৰে।
ছোৱালী শাখাৰ ৬০ কে.জিত সংস্কৃতা বৰাই ৰূপৰ পদক (সোঁ আৰু বাঁওহাত) আৰু জুনিয়ৰ ছোৱালী শাখাৰ ৬০ কে.জিত পুনৰ সংস্কৃতা বৰাই ব্রঞ্জৰ পদক (সোঁহাত) লাভ কৰে । জুনিয়ৰ ল'ৰাৰ শাখাত -৫৫ কেজিত বিশাল মিত্রই লাভ কৰে ৰূপৰ পদক (সোঁ আৰু বাঁওহাত) । ৬৫ কেজিত- ছাহিল হুছেইনে ৰূপৰ পদক (সোঁ হাত) আৰু স্বৰ্ণ পদক (বাঁও হাত) আৰু মাষ্টাৰ্ছ পুৰুষ শাখাৰ - ৯০ কেজিত- আবেদ আলী হাজৰিকাই ব্ৰঞ্জৰ পদক (সোঁহাত) আৰু মাষ্টাৰ্ছ মহিলা শাখাত ৬০ কেজিত পূর্ণিমা বড়াই ব্ৰঞ্জৰ পদক (সোঁহাত) লাভ কৰে।
Comments