গুৱাহাটী, ৭ জুনঃ এল জি বি টি কিউ সমাজৰ টাবে উৎসৰ্গিত চলিত ’প্ৰাইড’ মাহৰ ২ তাৰিখে, ৰাজ্যৰ এখন মুখ্য শিক্ষানুষ্ঠান, তেজপুৰ বিশ্ববিদ্যালয়ত লিংগ নিৰপেক্ষ শৌচালয় আৰু ৱাশ্বৰুম উদ্বোধন কৰা হয়৷ সামাজিক কৰ্ম বিভাগত উক্ত লিংগ-নিৰপেক্ষ শৌচালয় নিৰ্মাণ কৰা হৈছে। তিনিটা শৌচালয়ৰ ভিতৰত এটা কৰ্মচাৰীৰ বাবে, আন দুটা ক্ৰমে প্ৰথম মহলাৰ মানৱ বিদ্যা আৰু সামাজিক বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলৰ বাবে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
বিশ্ববিদ্যালয়খনৰ এই বিশেষ সিদ্ধান্তৰ বিষয়ে বৰ্ণনা কৰি বিভাগৰ সামাজিক কৰ্ম বিভাগৰ সহযোগী অধ্যাপিকা নমামি শৰ্মাই কয় যে, "এই বিশেষ প্ৰচেষ্টা ৰিতুপৰ্ণাৰ আছিল, তেওঁৰ 'দ্য ষ্টৰী মামা' নামৰ ইনষ্টাগ্ৰাম একাউন্ট এটা আছে আৰু তেওঁ তৃতীয় লিংগৰ অধিকাৰৰ বাবে যুঁজি যোৱা এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ এখন কৰ্মশালাৰ বাবে অতিথি হিচাপে বিশ্ববিদ্যালয়লৈ আহিছিল আৰু তেতিয়া তেওঁ মোক এই অসুবিধাৰ বিষয়ে অৱগত কৰিছিল।
কিয়নো তেওঁ অনুভৱ কৰিছিল যে, "এনে কোনো ঠাই নাই য'ত তৃতীয় লিঙ্গৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে। যিহেতু তেওঁলোকে পুৰুষৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ নকৰে, সেয়েহে ই এক বৃহৎ প্ৰত্যাহ্বানমূলক বিষয় আছিল। তেতিয়াই আমি বিষয়টোৰ প্ৰতি সহানুভূতিশীল হৈছিলোঁ আৰু এনে এখন ঠাইৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলো য'ত ৰিতুপৰ্ণাৰ দৰে বহুতৰে বাবে সুবিধাজনক হ'ব আৰু সেইবোৰ মৌলিক প্ৰয়োজনীয়তাৰ বাবে সহজে ব্যৱহাৰ কৰিব পাৰিব।"
তেওঁ লগতে কৈছিল যে, "আমি উপাচাৰ্য আৰু মানৱবিদ্যা আৰু সামাজিক বিজ্ঞান বিদ্যালয়ৰ ডিন অধ্যাপিকা ফাৰহিনা দন্তৰ সৈতে বিষয়টো আলোচনা কৰিছিলো। তেওঁলোকে আমাৰ প্ৰস্তাৱটোক প্ৰশংসা কৰিছিল আৰু যিহেতু আমাৰ ওচৰত বিদ্যমান সুবিধা আছিল, সেয়েহি কামটো কৰাৰ বিশেষ সমস্যা নাছিল।"
আনহাতে, উক্ত বিষয় সন্দৰ্ভত পেছাদাৰী মেকআপ আৰ্টিষ্ট তথা তৃতীয় লিঙ্গৰ ব্যক্তি সুমন মণ্ডলে কয় যে, "প্ৰথমে আমাৰ দৰে লোকৰ বাবে এই প্ৰচেষ্টা আৰু অনুভূতিৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো। যদিও মোৰ এটা অনুৰোধ আছে যে আমাৰ বাবে সকলোতে এনে শৌচালয় থাকিব লাগে।
ইয়াৰ লগতে, এনে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ প্ৰথমবাৰৰ বাবে যে মই মোৰ ৰাজ্যত প্ৰকৃতাৰ্থত হোৱা দেখিছোঁ। আমাক এই সমৰ্থনৰ প্ৰয়োজন। মই নিজেই বিমানবন্দৰ আৰু ৰেল ষ্টেচনৰ দৰে ৰাজহুৱা স্থানত বহুপৰ ৰৈ থাকিব লগা হয়। মই মহিলাৰ শৌচালয় ব্যৱহাৰ কৰোঁ, কিন্তু ৰাজহুৱা শৌচালয়ত সুৰক্ষা কৰ্মীয়ে আমাক মহিলা শৌচালয় আৰু প্ৰস্ৰাৱগাৰৰ সলনি পুৰুষৰ শৌচালয় ব্যৱহাৰ কৰিবলৈ কয়।"
ইপিনে, নমামি শৰ্মাৰ মতে বিশ্ববিদ্যালয়খনত তৃতীয় লিংগ লোকসকলে সকলে হোষ্টেলত পুৰুষৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱহাৰ কৰাটো সুবিধাজনক নহয়। লিংগ নিৰপেক্ষ শৌচালয়বোৰ এই সমস্যা সমাধান কৰাৰ বাবে এক সঠিক পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব।
ইউনিচেক্স অৰ্থাৎ লিংগ নিৰপেক্ষ ৰাজহুৱা শৌচালয়বোৰে বিভিন্ন ৰূপ ল'ব পাৰে। সেইবোৰ একক অধিকাৰ সুবিধা থাকিব পাৰে নাইবা কেৱল এটা কোঠা বা বেষ্টনী প্ৰদান কৰা হ'ব পাৰে।
যিকোনো লিংগ বা তৃতীয় লিংগ পৰিচয়ৰ লোকে ইউনিচেক্স ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰিব পাৰিব। এনে ধৰণৰ শৌচাগাৰৰ সুবিধাই ট্ৰেন্সজেণ্ডাৰ লোকসকলক লাভান্বিত কৰিব।
উভয়ে ব্যৱহাৰ কৰা শৌচালয়ৰ বিপৰীতে ৰাজহুৱা শৌচালয়বোৰ পুৰুষ আৰু মহিলা হিচাপে পৃথক কৰা। এই পৃথকীকৰণ কেতিয়াবা স্থানীয় আইন আৰু বিল্ডিং কোডৰ দ্বাৰা প্ৰয়োগ কৰা হয়।
Comments