গুৱাহাটী, ১০ জুনঃআৰক্ষীক ভাবুকি দিয়া এজন বিজেপি বিধায়কৰ কন্যাক ১০ হাজাৰ টকাৰ জৰিমনা বিহা হয়৷এই ঘটনাটো ঘটিছে বাংগালুৰুত৷ছোৱালীজনীক বিজেপি বিধায়ক অৰবিন্দ নিম্বাৱালীৰ কন্যা ৰেণুকা নিম্বাৱালী বুলি চিনাক্ত কৰা হৈছে।সূত্ৰ অনুসৰি, বিজেপি বিধায়ক অৰবিন্দ লিম্বাৱলী কন্যাই বৃহস্পতিবাৰে ৰাজভৱন পথত অত্যাধিক দ্ৰুত গতিত বাহন চলাই ট্ৰেফিক আৰক্ষীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।
সেই সময়ত ট্ৰেফিক লাইট ৰঙা হৈ আহিছিল যদিও তেওঁ ৰোৱা নাছিল।বিধায়কৰ কন্যাই ট্ৰেফিকৰ চিগনেল নামানি ধুমুহাৰ গতিৰে গাড়ীখন চলাই নিয়ে৷আৰক্ষী বিষয়াজনে বিএমডব্লিউ চলাই থকা ৰেণুকাক ট্ৰেফিক নিয়ম উলংঘা কৰাৰ বাবে প্ৰশ্ন কৰিছিল।ৰেণুকাই আৰক্ষীৰ সৈতে তৰ্ক কৰিছিল আৰু তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে।
আনকি এজন সাংবাদিকৰ কেমেৰাকো আক্ৰমণ কৰিছিল যেতিয়া তেওঁ আৰক্ষীৰ সৈতে ৰেণুকাৰ তৰ্ক ৰেকৰ্ড কৰি আছিল।ৰেণুকাই বাহনখন ৰখাই দিয়া বিষয়াজনক কৈছিল," মোক চিনি পোৱা নাই, এম এল এৰ জীয়েক মই।মই এতিয়া যাব বিচাৰো।গাড়ীখন ধৰি নাৰাখিব।আপুনি অভাৰটেক কৰাৰ বাবে মোৰ ওপৰত এটা গোচৰ ৰাখিব নোৱাৰে।এয়া এমএলএ বাহন।মোৰ দেউতা অৰবিন্দ লিম্বাৱলী.......।"
বহু তৰ্ক -বিতৰ্কৰ পিছত আৰক্ষীয়ে তেওঁক জৰিমনা পৰিশোধ কৰিবলৈ বাধ্য কৰিছিল৷বিধায়কৰ কন্যাই আগতেই ট্ৰেফিকৰ চিগনেল উলংঘা কৰাৰ বাবে ৯,০০০ টকা জৰিমনা ভৰিবলগীয়া হৈ আছিলেই৷নতুনকৈ তেওঁক ১,০০০ টকা জৰিমনা বিহা হয়৷আৰক্ষীয়ে দেখুৱাইছিল আৰু ১০,০০০ টকাৰ জৰিমনা সংগ্ৰহ কৰিছিল।বিধায়কৰ কন্যাৰ ওচৰত জৰিমনা পৰিশোধ কৰিবলৈ টকা নাছিল।অৱশেষত, ৰেণুকাৰ সৈতে গাড়ীত থকা বন্ধুৱে জৰিমনা পৰিশোধ কৰিলে।
Comments