গুৱাহাটী, ১০ জুনঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কৈছে যে, "মেঘালয় চৰকাৰে দুয়োখন ৰাজ্যৰ মাজত চলি থকা বাকী ৬ টা ক্ষেত্ৰৰ ওপৰত হোৱা সীমান্ত আলোচনাৰ পৰা আঁতৰি অহা নাই।"
চাংমাই লগতে কয়, "আমি (সীমান্ত আলোচনা) ত্যাগ কৰা নাই কিন্তু বহুতো সমস্যা আৰু উদ্বেগ চলি আছে আৰু এই সমগ্ৰ বিষয়টোত পুনৰ বহুতো নিৰীক্ষণ কৰিব লাগিব, কিয়নো ৫০ বছৰ ধৰি প্ৰকৃততে এই বিষয়ত কোনো পদক্ষেপ লোৱা হোৱা নাছিল সেয়েহে অৱশেষত এম ডি এ (মেঘালয় গণতান্ত্ৰিক মিত্ৰ-জোঁট) চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে।"
ইপিনে, ২৯ মাৰ্চত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৬ টা অঞ্চলৰ বিবাদ নিষ্পত্তিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যই কেতিয়া দ্বিতীয় পৰ্যায়ৰ সীমান্ত আলোচনা আৰম্ভ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, "চৰকাৰে এই বিষয়টোক লৈ সমানে চিন্তিত আছিল আৰু ইয়াৰ আঁৰত বহুতো কাম চলি আছে।"
"আমি আমাৰ নিৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছো, কিয়নো ইয়াৰ বাবে যথেষ্ট কাম কৰিব লাগিব, বহুতো নথিপত্ৰ, মেপিং আদি বনাব লাগিব। আমি কেৱল পুৰণি মানচিত্ৰবোৰ চাই কাম কৰিব নোৱাৰো, কাৰণ আমি ২০১১ চনত দাখিল কৰা অন্তিম প্ৰতিবেদনত বহুতো কথা উপলব্ধি কৰিছো।"
"সেইবোৰ বহুতো উদ্বেগজনক আছিল আৰু কিছুমান মানচিত্ৰ এনেকুৱা আছিল য'ত কিছুমান ক্ষেত্ৰ সঁচাকৈয়ে অন্তৰ্ভুক্ত হৈ আছিল নে সেয়া স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাছিল। সেয়েহে ইয়াৰ বাবে এই সকলো ক্ষেত্ৰত যথেষ্ট ড্ৰোন মেপিং ৰ প্ৰয়োজন। গতিকে তীব্ৰ গতিত প্ৰস্তুতি চলি আছে, কিন্তু এই প্ৰক্ৰিয়া ইমান সৰল নহয়।"
চাংমাই শেষত কয় যে, "সীমান্ত আলোচনাৰ বাবে আমি সদায় লগ পাব পাৰোঁ। এইটো কোনো সমস্যাৰ বিষয় নহয়, কিন্তু আমি লগ পোৱাৰ আগতে এইটো গুৰুত্ব দিব লাগিব যে আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কৰিছো নে নাই! আমি আমাৰ নিৰীক্ষণ প্ৰক্ৰিয়া সঠিকভাৱে কৰিম আৰু নথিপত্ৰ প্ৰস্তুত কৰিম। আমি আমাৰ ফালৰ পৰা সেয়াই কৰি আছো।"
Comments