গুৱাহাটী,১০ জুন:চাৰিখন ৰাজ্যত আজি অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্য কেইখনত খালী হোৱা উচ্চ সদনৰ ১৬ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন । পুৱা ৯ বজাৰ লগে লগে আৰম্ভ হোৱা ভোটগ্ৰহণ আবেলি ৪ বজাত সমাপ্ত হ'ব । ইফালে আসন কেইখনৰ বাবে হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ ভোটদানৰ আশংকা কৰা হৈছে ।
লক্ষণীয়ভাৱে, শেহতীয়াকৈ ৰাজ্যসভাৰ ৫৭ খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে শুকুৰবাৰে উত্তৰ প্ৰদেশ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ওড়িশা, মধ্য প্ৰদেশ, পাঞ্জাৱ, ছট্টীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু তেলেংগানাৰ ৪১ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । অৱশ্যে, মহাৰাষ্ট্ৰ, ৰাজস্থান, হাৰিয়ানা আৰু কৰ্ণাটকত থকা ১৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় ।
ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিশেষ নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু নিৰ্মলা সীতাৰমণ, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, ৰণদীপ সুৰজেৱালা আৰু মুকুল ৱাচনিক আদি ।উল্লেখ্য যে মহাৰাষ্ট্ৰত কংগ্ৰেছ দলে ইমৰান প্ৰতাপগড়ীক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে প্ৰফুল পেটেলক এনচিপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। শিৱসেনাৰ সঞ্জয় ৰাউত আৰু সঞ্জয় পাৱাৰক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
Comments