Cartoon
View Older
গুৱাহাটী,১০ জুলাইঃ হোজাইত উপস্থিত অসমৰ শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ। কেবিনেটৰ দায়িত্ব পালন কৰা উদ্দেশ্যৰে হোজাই জিলাখনৰ বিভিন্ন বিষয়ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । হোজাইৰ ফকিৰাবস্তিত নিৰ্মাণ কাৰ্য চলি থকা আদৰ্শ অংগনবাদী কেন্দ্ৰটোৰ কাম-কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
লগতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে হোজাই সমষ্টিৰ বাবে ২২ টা অংগনবাদী কেন্দ্ৰৰ অনুমোদন জনোৱা হৈছে ৷ হোজাই জিলাখনৰ বিভিন্ন ঠাইত নিৰ্মাণ হৈ থকা অংগনবাদী কেন্দ্ৰসমূহৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে ৷ লগতে হোজাইৰ যোগীজানৰ বান পীড়িত লোকসকলৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ কথাও অৱগত কৰে ৷
Comments