গুৱাহাটী,৯ জুন:কেইবাদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পানীৰ ঢল মানকাচৰৰ দোৰ্নী নৈৰে বৈ অহাত কাকৰীপাৰা, শ্বিয়ালটাৰী,স্বপনপুৰী ঠাকুৰানবাৰী আদি অঞ্চলত কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাত শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীৰ তলত বুৰ যোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
মেঘালয়ৰ পৰা নামি অহা কালৰূপ ধাৰন কৰা দোৰ্নী নৈৰ পানীৰ সোঁতৰ কবলত পৰি শাহিদা বেগম আৰু তাৰা মিঞা নামৰ পৰিয়াল দুটাৰ আই এ ৱাই গৃহ ভাঙি যোৱাত পৰিয়াল দুটা সৰ্বহাৰা হৈ পৰে। ইপিনে মানকাচৰৰ পৰা মেঘালয়ৰ আমপাতী লৈ থকা ,এন ই চি পথৰ স্বপনপুৰীত পথৰ কেইবা ঠাইতো পানীয়ে বুৰাই পেলোৱাত যাতায়ত বিচ্ছিন্ন হৈ পৰাৰ উপক্ৰম হয়।
আনহাতে দোৰ্নী নৈৰ পানীৰ মানকাচৰ - মহেন্দ্ৰগঞ্জ এন ই চি পথৰ শ্বিয়ালটাৰীৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত লৈ থকা সীমান্ত সংযোগী পথৰ ওপৰেদি প্ৰবল স্ৰোত বৈ যোৱাত সীমান্ত পথৰ কাষত থকা নুৰুল ইছলামৰ পকী ঘৰ এটা নিমিষতে পানীৰ সোঁতে উটুৱাই লৈ যায়।
Comments