গুৱাহাটী,৯ জুন:দিল্লী আৰক্ষীয়ে বুধবাৰে আচাদুদ্দিন ওৱাইচিক উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰে। ওৱাইচিৰ বিৰুদ্ধে এজাহাৰ দিয়া এআইএমআইএমৰ কৰ্মীসকলে সংসদ আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰিছে। স্বামী য়াতি নৰসিংহানন্দৰ নামটো দিল্লী আৰক্ষীয়ে এজাহাৰত উল্লেখ কৰিছে। নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাৰ দ্বাৰা পয়গম্বৰ হজৰত মহম্মদৰ ওপৰত কৰা মন্তব্যক লৈ সৃষ্টি হোৱা বিবাদে বিশ্বজুৰি ক্ষোভৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে শৰ্মাৰ নামো এজাহাৰত উল্লেখ কৰিছে, আনহাতে আন এখন এজাহাৰত বহিষ্কৃত বিজেপি নেতা নবীন জিন্দল আৰু সাংবাদিক চাভা নকভিকে ধৰি কেইবাজনো লোকৰ নাম উল্লেখ কৰা হৈছে।
দিল্লী আৰক্ষীয়ে এই সংক্ৰান্তত পঞ্জীয়ন কৰা এজাহাৰত নাম থকা ব্যক্তিসকল হ’ল - নুপুৰ শৰ্মা, নবীন জিন্দল, আছাদউদ্দিন ওৱেইছি, ছাদাব চৌহান, চাবা নকভি, মৌলানা মুফতি নাদীম, আব্দুৰ ৰেহমান, গুলজাৰ আনছাৰী আৰু স্বামী য়াতি নৰসিংহানন্দ।
Comments