গুৱাহাটী,৯ জুন:তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পদত নিযুক্তি বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক।জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষা দিন চলিত বৰ্ষৰ ৭ আগষ্ট ধাৰ্য কৰিছে।
একেদৰে চালক নিযুক্তিক বাদদি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে চলিত বৰ্ষ ২১আগষ্টত পৰীক্ষাৰ অনুষ্ঠিত কৰা নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।উল্লেখ্য যে তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষাৰ পৃথকে অনুষ্ঠিত হ’ব বুলি শৰ্মাই জানিব দিয়ে।
গুৰুত্বপূৰ্ণ কথা যে তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা ৪,৪৩,৬৫৫ গৰাকী।ইতিমধ্যে আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ন হৈছে পদসমূহৰ বাবে।ইফালে মুখ্যমন্ত্ৰীয়ে আবেদনকাৰীক আশ্বস্ত কৰি কয়- চৰকাৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰিব।
Comments