গুৱাহাটী, ১০ জুনঃ ১৯৯১ চনত বলিউড অভিনেতা চেইফ আলী খানক তেওঁৰ প্ৰথম ছবি বেখুদীৰ প্ৰস্তাৱ দিয়া হৈছিল। তেওঁৰ নাম এই ছবিখনৰ সৈতে সংলগ্ন হৈ পৰিছিল। ৰাহুল ৰাৱাইলৰ ছবিখনৰ বিষয়ে যথেষ্ট আলোচনা কৰা হৈছিল, আনহাতে নায়ক হ'বলৈ যোৱা চেইফ আলী খানো যথেষ্ট সুখী আছিল।
কিন্তু এই ছবিখনে চেইফ আলী খানৰ ভাগ্য সলাই পেলাইছিল কিয়নো, এই ছবিখনৰ সময়ত তেওঁ অমৃতা সিঙক লগ পাইছিল আৰু সেই মুহূর্ত তেওঁৰ বাবে স্মৰণীয় হৈ পৰিছিল।
চেইফ আলী খান আৰু অমৃতা সিঙে প্ৰথমে 'বেখুদী' চলচ্চিত্ৰখনৰ ফটো শ্বুটত চিনাকি হৈছিল। এই ছবিখনৰ নায়িকা অমৃতা সিং নাছিল, কিন্তু ৰাহুল ৰাৱালে বিচাৰিছিল যে অমৃতা এই ফটোশ্বুটত জড়িত হওক। গতিকে অমৃতাই ইয়াৰ বাবে ছেটত উপনীত হৈছিল আৰু ছেটত অমৃতাক দেখি চেইফে প্ৰেমত পৰিছিল।
ফটোশ্বুট আৰম্ভ হোৱাৰ লগে লগে চেইফে অমৃতাৰ কান্ধত হাত ৰাখিছিল। এইটো দেখি অমৃতাও বহুত আচৰিত হৈ পৰিছিল। অৱশ্যে, ফটোশ্বুটৰ সময়ত তেওঁ একো কোৱা নাছিল। সেই সময়ত অমৃতা এগৰাকী অতি জ্যেষ্ঠ অভিনেত্ৰী আছিল আনহাতে চেইফ আলী খানে এখনো চলচ্চিত্ৰত কাম কৰা নাছিল।
চৈফৰ এনে কাম কৰা দেখিও, অমৃতা তেওঁৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল। সেইকাৰণে প্ৰথম সাক্ষাতৰ পিছত, যেতিয়া চৈফে অমৃতাক নৈশ আহাৰলৈ নিমন্ত্ৰণ কৰিছিল, অমৃতাই ওলোটাই চেইফক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল। আৰু তাৰ পিছত তেওঁলোক দুয়োৰে প্ৰেমজনিত সম্পর্ক গঢ় লৈ উঠে ৬ মাহ পিছত অমৃতা আৰু চেইফ বিবাহ পাশত আৱদ্ধ হয়।
Comments