গুৱাহাটী,১৪ জুন:ভাৰতীয় সেনাবাহিনীত নতুন সশস্ত্র বাহিনী নিয়োগৰ পৰিকল্পনা কেন্দ্রৰ। উক্ত নতুন সশস্ত্র বাহিনীটোৰ নাম দিয়া হ’ব অমিতাভ বচ্চনৰ নব্বৈৰ দশকৰ জনপ্রিয় ছবি ‘অগ্নিপথ’ৰ নামত। মঙ্গলবাৰে কেন্দ্রৰ এই কথা ঘোষণা কৰিছে তিনিওটা সেনাবাহিনীৰ প্রধানে। অগ্নিপথ প্রকল্প সম্পর্কে জনাই প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে কয়,‘‘এই সিদ্ধান্ত ঐতিহাসিক।’’
দুসপ্তাহ পূৰ্বে এই প্রকল্পৰ কথা প্রধানমন্ত্রীক জনাইছিল তিনিওটা বাহিনীৰ প্রধানজনে। মঙ্গলবাৰে এই প্রকল্পৰ নাম প্রকাশ হয়৷ নতুন ‘অগ্নিপথ’ প্রকল্পত সেনা জোৱানসকলক বাহিনীত নিয়োগ কৰা হ’ব চাৰি বছৰৰ বাবে।চাৰে ১৭ বছৰৰ পৰা ২১ বছৰ বয়সীয়া ৪৫ হাজাৰ ভাৰতীয়ই এই প্রকল্পৰ অধীনত ভাৰতীয় সেনাবাহিনীত কাম কৰাৰ সুবিধা পাব।
সেনাবাহিনীত চাৰি বছৰত ৬ মাহৰ প্রশিক্ষণ পাব এইসকল সেনা জোৱানে। মাহিলি পাব ৩০-৪০ হাজাৰ টকা বেতন আৰু অন্যান্য ভাট্টা। সূত্রৰ খবৰ মতে, এই প্রকল্পটি উচ্চস্তৰৰ বিভিন্ন মহলত সমালোচিত হৈছে। আনকি এই প্রকল্পই সেনাবাহিনীৰ দেশভক্তি আৰু পেছাদাৰিত্বত প্রভাব পেলাব পাৰে বুলিও বহুতৰে আশঙ্কা।
Comments