গুৱাহাটী,১৪ জুন:অহা তিনি দিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা নিৰ্দেশনা অনুযায়ী বংগোপসাগৰৰ পৰা অহা শক্তিশালী দক্ষিণ পশ্চিমীয়া বতাহৰ প্ৰভাৱৰ বাবে পৰৱৰ্তী পাঁচ দিনত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিৰৱিচ্ছিন্ন ভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ মতে, অৰুণাচল প্ৰদেশ আৰু অসমত আনকেইখন ৰাজ্যতকৈ বেছি বৰষূণ হ'ব।ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তই জৰুৰী বাৰ্তা দিছে৷ ইফালে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ভূমিস্খলন প্ৰৱণ, জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবলৈ মহানগৰবাসীক আহ্বান জনাইছে মহানগৰ প্ৰশাসনে।
Comments