গুৱাহাটী,১৪ জুন: নিশাৰে পৰা হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মহানগৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে । সমান্তৰালভাৱে ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে বুধবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আহ্বান জনাইছে।ভূমিস্খলন প্ৰৱণ তথা জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান জনাইছে প্ৰশাসনে ।
মহানগৰ জিলা প্ৰশাসনে জৰুৰীকালীন অৱস্থাৰ বাবে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ । প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হৈছে এটা ট’ল ফ্ৰী নম্বৰ । প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭ অথবা ৯৩৬৫৪-২৯৩১৪ নম্বৰত যিকোনো জৰুৰীকালীন পৰিস্থিতিত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰু লগতে যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬, ফিল্ড অফিচাৰ গুৱাহাটী (DDMA)ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪, ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত যোগাযোগক কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে মহানগৰ প্ৰশাসনে ।
Comments