গুৱাহাটী,১৪ জুন:মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ টাউন হলত আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ১০ বজাত ৰাজ্যিক বিষয়ববীয়া সভা, ১১:৩০ বজাত জিলা সভাপতি আৰু প্ৰভাৰী সহঃপ্ৰভাৰী সকলৰ সভা অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত দলীয় পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি ভবেশ কলিতাই।
পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনসিং তেৰাঙৰ স্বাগতম ভাষণৰ পিচতেই ৰাজ্যিক সভাপতিগৰাকীৰ আদৰণি ভাষণৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত শোক প্ৰস্তাৱ, ধন্যবাদসূচক প্ৰস্তাৱ আৰু ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন আৰু গ্ৰহণ কৰা হয় ৷ উক্ত সভাত জিলা সভাপতিসকল, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকল, কোষৰ আহ্বায়ক, সহ-আহ্বায়কসকল, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলৰ সৈতে সুকীয়াকৈ ৪টা গোটত দলীয় কামকাজ আৰু ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হ'ব ৷
বিয়লি ৬:৩০ বজাত ৰাজ্যিক সহ-প্ৰভাৰী পৱন শৰ্মা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়াই ১৫ জুনৰ পুৱা ৯.৩০ বজাত মাৰ্গদৰ্শন কৰিব, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনত জয়লাভ কৰা পাৰিষদসকলক সম্বৰ্দ্ধনা জনোৱা হ'ব ৷ আনহাতে অনুষ্ঠানত বক্তব্য আগবঢ়াব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ উক্ত সভাত বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা সভাৰ আঁত ধৰিব ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই ৷
উক্ত সভাত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সহ প্ৰভাৰী শ্ৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক ক্ৰমে শ্ৰীপল্লব লোচন দাস, শ্ৰীপুলক গোহাঁই ,দীপ্লু ৰঞ্জন শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিধাংকু বৰুৱাৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকল আৰু মৰ্চাৰ সভাপতি সকল উপস্থিত থাকে।
Comments