গুৱাহাটী, ১৫ জুনঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ ১০০ দিনৰো অধিক সময় ধৰি চলি আছে। এই যুদ্ধত এতিয়ালৈকে বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। অৱশ্যে, যুদ্ধত বহুতো সাহসী যোদ্ধাৰ কাহিনীও সন্মুখলৈ আহিছে। ঠিক তেনে এটা কাহিনী হৈছে ১৫ বছৰীয়া কিশোৰ আন্দ্ৰে পোক্ৰাচা আৰু তেওঁৰ দেউতাক ষ্টানিস্লাভৰ।
আন্দ্ৰে পোক্ৰাছা আৰু তেওঁৰ দেউতাকে ৰাছিয়াৰ সামৰিক বাহিনীৰ গতিবিধি অনুসৰণ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰি আছে। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ উপকণ্ঠত বাস কৰা এহাল বাপেক-পুতেকৰ যুটিয়ে ৰাছিয়াৰ টেংকসমূহৰ গতিবিধি অনুসৰণ কৰিবলৈ এখন সৰু ড্ৰোন ব্যৱহাৰ কৰি আছে আৰু সেই তথ্যবোৰ ইউক্ৰেইনৰ সৈন্যলৈ প্ৰেৰণ কৰি আহিছে।
এই বাপেক-পুতেকৰ সহায়ত, ইউক্ৰেইনে বহুতো সফল অভিযান চলাবলৈ সক্ষম হৈছে। ৰাছিয়াৰ আক্ৰমণৰ প্ৰাৰম্ভিক দিনবোৰৰ কথা মনত পেলাই আন্দ্ৰেয়ে কৈছে যে, "সেই দিনবোৰ মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ মুহূৰ্ত। আমি আমাৰ দেশৰ সশস্ত্ৰ সেনা বাহিনীক শত্ৰুৰ ফটো আৰু তেওঁলোকৰ অৱস্থানৰ বিষয়ে অৱগত কৰি আহিছো। ইয়াৰ ফলত তেওঁক শত্ৰুপক্ষক আক্ৰমণ কৰাত সহায় হৈছে।
ইপিনে, আন্দ্ৰেৰ দেউতাক ষ্টানিস্লাভে কৈছে যে, "মই কেৱল ড্ৰোন উৰোৱাৰ প্ৰক্ৰিয়াত সহায় কৰো। প্ৰকৃততে আন্দ্ৰেয়ে ড্ৰোনখন চলায়। মই এখন ড্ৰোন কোনোমতে উৰুৱাব পাৰো, কিন্তু মোৰ পুত্ৰই ভালদৰে পাৰে। এনে পৰিস্থিতিত, আমি দুয়োজনে সিদ্ধান্ত লৈছিলো যে আন্দ্ৰেয়ে ড্ৰোনখন চলাব।"
ইফলে, আন্দ্ৰেয়ে আৰু কৈছে যে, "যেতিয়া ৰাছিয়াৰ সৈন্যই কিয়েভৰ পশ্চিম অংশৰ গাওঁবোৰত উপস্থিত হৈছিল, তেতিয়া আমি শত্ৰু সৈন্যৰ বিষয়ে ড্ৰোনৰ সৈতে তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিলো। এই তথ্যৰ আধাৰত ইউক্রেনীয় সেনাবাহিনীয়ে ৰাছিয়াৰ সেনাৰ প্ৰায় ২০ খনকৈ টেংক ধ্বংস কৰিবলৈ সক্ষম হৈছিল।"
Comments