গুৱাহাটী,১২ জুন:ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ছিৰিজৰ দ্বিতীয়খন টী-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আজি কটকত অনুষ্ঠিত হ'ব। কটকত ভাৰতৰ বলাৰৰ প্ৰত্যাৱৰ্তন আশা কৰিব অধিনায়ক ঋষভ পণ্টে। দিল্লীত অনুষ্ঠিত প্রথম টী-২০ত ভাৰতে ২১১ ৰান কৰিও জয়লাভ কৰিব নোৱাৰিলে। ডেভিদ মিলাৰ আৰু ৰাছী ভান ডেৰ ডুছেনে এক কথাত অবিশ্বাস্য বেটিঙেৰে দক্ষিণ আফ্রিকাক লক্ষ্যত উপনীত কৰায়। দ্বিতীয় টী-২০ৰ পূৰ্বে বলিঙৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব লাগিব অধিনায়ক পণ্টে।
অৰ্শদীপ সিং আৰু উমৰান মালিকৰ ভিতৰত যিকোনো এজনে খেলাৰ সম্ভাৱনা আছে। প্রথম টী-২০ত ভুৱনেশ্বৰ কুমাৰ আৰু হৰ্ষল পেটেলৰ অভিজ্ঞতা কামত নাহিল। যুৱ খেলুৱৈ আৱেশ খানেও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই বেটেৰে উল্লেখনীয় বৰঙণি যোগালেও বলেৰে বিশেষ একো কৰিব নোৱাৰিলে। একেদৰে স্পীনাৰ যুজবেন্দ্র চহলো প্রত্যাশা পূৰণত ব্যর্থ হয়। সেয়েহে আশা কৰা হৈছে যে দ্বিতীয় টী-২০ত নিশ্চিতভাৱে ভাৰতৰ বলিং আক্ৰমণত কিছু সাল-সলনি ঘটোৱা হ'ব।
Comments