গুৱাহাটী,১২ জুন:অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেল্থ গেমছত ভাগ লোৱাৰ যোগ্যতা অর্জন কৰিছে। আজি ভাৰতীয় বক্সিং ফেডাৰ্চেনে আয়োজন কৰা নির্বাচনী শিবিৰত লাভলীনাই নিজৰ শাখাত শ্রেষ্ঠত্ব প্রতিপন্ন কৰি কমনৱেলথ গেমছলৈ ঘোষিত ভাৰতীয় দলত স্থান পায়।
লাভলীনাই মহিলা বক্সিঙৰ ৭০ কেজি শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব। ইয়াৰ আগেয়ে লাভলীনাই ২০১৮ৰ গ'ল্ড কষ্ট কমনৱেল্থ গেমছতো ভাগ লৈছিল যদিও সেইবাৰ সফল নহ'ল। ২৮ জুলাইৰপৰা ৮ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ'ব কমনৱেল্থ গেমছ । কমনৱেল্থ গেমছৰ পুৰুষৰ শাখাত ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।
এই দলটোত অসমৰ শিৱ থাপাই স্থান লাভ কৰিছে। আনহাতে, আজি ঘোষিত মহিলাৰ শাখাত লাভলীনা বৰগোহাঁয়ে ৭০ কেজিত ভাৰতক প্রতিনিধিত্ব কৰাৰ বাহিৰেও নীতুৱে ৪৮ কেজিত, জেছমিনে ৬০ কেজিত আৰু নিখাত জাৰিনে কেজিত ভাগ ল'ব। আজি যোগ্যতা নিরূপণ ৰাউণ্ডত নিখাতে হাৰিয়ানাৰ মীনাক্ষিক ৭-০ত হৰুওৱাৰ বিপৰীতে লাভলীনাই ৭০ কেজিত ৰেলৱেৰ পূজাক সহজেই ৭-০ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ বিপৰীতে নীতুৱে মঞ্জুৰাণীক ৫-২ত আৰু জেছমিনে মিডলৱেইট শাখাত বিশ্ব বক্সিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী পাৰবীন হুদাক পৰাস্ত কৰে।
Comments