গুৱাহাটী,১২ জুন:ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ ঢাকা হৈ কলকাতালৈ বাছসেৱা পুনৰ আৰম্ভ হ'ল।এই মৈত্ৰী বাছসেৱা শুভাৰম্ভ কৰে ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী প্ৰাণজিৎ সিংগা ৰয়ে।ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা এই বাছসেৱা মুকলি হোৱাৰ লগে লগে এতিয়া দুয়োখন দেশৰে যাত্ৰীসকলৰ মাজত উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে ত্ৰিপুৰাৰ মন্ত্ৰীগৰাকীয়ে আগৰতলা-আখাউৰা আন্তঃৰাষ্ট্ৰীয় চেক পোষ্টত এই বাছসেৱাৰ শুভাৰম্ভ কৰে।ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা এই সেৱা ভাৰত আৰু বাংলাদেশ চৰকাৰে লোৱা প্ৰচেষ্টাৰ বাবে পুনৰ আৰম্ভ হয।বাছসেৱা শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ২৮ এপ্ৰিলত বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে আৰম্ভ কৰিব পৰা হোৱা নাছিল।
মন্ত্ৰীগৰাকীৰ মতে বাংলাদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ বিষয়াসকলৰ অহৰহ প্ৰচেষ্টাৰ অন্তত এই সেৱা পুনৰ আৰম্ভ হৈছে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ৪০ গৰাকী যাত্ৰীৰ ক্ষমতা থকা বাছখনত ২৮ গৰাকী যাত্ৰীয়ে প্ৰথম দিনাই বাংলাদেশ আৰু কলকাতালৈ যাত্ৰা আৰম্ভ কৰিছে।ভৱিষ্যতে অধিক যাত্ৰীয়ে মৈত্ৰী বাছসেৱাৰ সুবিধা গ্ৰহণ কৰিব বুলিও তেওঁ বিশ্বাস কৰে।
এই মৈত্ৰী বাছসেৱা সপ্তাহত ছয় দিন চলিব আৰু এই বাছখন আগৰতলাৰ পৰা কলকাতাত উপস্থিত হ'বলৈ ১৯ ঘণ্টা সময় ল'ব । তেওঁ লগতে কয় যে কেৱল এই বাছ সেৱাই নহয়,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু বান্ধোন অধিক শক্তিশালী হৈছে।মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে শীঘ্ৰেই ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুমৰ পৰা বাংলাদেশক পথৰ জৰিয়তে সংযোগ কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। আগৰতলা আৰু বাংলাদেশৰ আখাউৰাৰ মাজত ৰে'ল সংযোগৰ কামও সমাপ্ত হৈছে ।
Comments