গুৱাহাটী,১২ জুন : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰ বাণিজ্যিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বি টি আৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ আৰু এন ডি এফ বিৰ পুনৰ সংস্থাপনৰ বিষয়ক লৈ এক গুৰুত্বপূর্ণ আলোচনা চক্র অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত বি টি আৰ চুক্তিৰ দফা ৰূপায়ণৰ লগতে এন ডি এফ বিৰ কেডাৰসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বি টি আৰ চুক্তিৰ দ্বাৰা বৰ্তমানলৈকে এন ডি এফ বিৰ সৰ্বমুঠ ৪,২০৩ গৰাকী কেডাৰ সংস্থাপিত হৈছে আৰু অদ্যাপি ৫ হাজাৰ এন ডি এফ বি কেডাৰ সংস্থাপিত হ'বলৈ বাকী আছে।
এন ডি এফ বি সদস্যৰ ওপৰত থকা ২,০১৮ টা গোচৰৰ ভিতৰত বৰ্তমানলৈকে ২৭৪ টা গোচৰ নিষ্পত্তি কৰা হৈছে বুলি আলোচনাত বিতং তথ্য সদৰী কৰি পৰ্যালোচনা কৰা হয়। আনহাতে, আলোচনা চক্ৰত এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীসহ ৯১ গৰাকী নেতা-সদস্য বর্তমানেও জেলত থাকিবলগীয়া হোৱা বিষয়টোৰ সন্দৰ্ভত গভীৰ আলোকপাত কৰে এবছুৰ এই পর্যালোচনা বৈঠকত।
ইয়াৰে অসমত ৰঞ্জন দৈমাৰীসহ ৭৪ জন, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত দুজন, ৰাজ্যৰ বাহিৰত ১৫ জন কাৰাবন্দী হৈ থকাৰ তথ্যও সদৰি কৰে। বিশেষ আলোচনা চক্ৰত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে বি টি আৰ চুক্তিয়ে দুটা বছৰ অতিক্ৰম কৰিলে আৰু বৰ্তমানলৈকে প্ৰায় ৬০ শতাংশ চুক্তিৰ কাম ৰূপায়ণ হৈছে।
ৰঞ্জন দৈমাৰীসহ সকলো কাৰাবন্দী এন ডিএফ বিৰ নেতা সদস্যক জে’লৰ পৰা মুকলি কৰি দিবলৈ আৰু এ ন ডি এফ বিৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ তথা নিষ্পত্তিকৰণৰ আহ্বান জনাই চুক্তিৰ মূল দফাসমূহ ৰূপায়ণ নহ'লে বড়ো জনগোষ্ঠীয়ে বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব বুলিও স্পষ্ট কৰি দিয়ে।
শনিবাৰৰ এই অনুষ্ঠানত কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লন্সে ইছলাৰী, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিন বসুমতাৰী, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু কাৰ্যবাহী সদস্য ৰঞ্জিৎ বসুমতাৰী, উকীল মুছাহাৰী, পাৰিষদ এছ সানজাৰাং, সঞ্জয় স্বৰ্গীয়াৰী, প্ৰাক্তন এন ডি এফ বিৰ নেতা বি এনজালু, ধীৰেন বড়ো, বি জাইখলংসহ বহু নেতা উপস্থিত থাকে।
Comments