গুৱাহাটী, ১৩ জুনঃ ৰাখী সাৱন্ত প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। বৰ্তমান তেওঁ নতুন সম্পৰ্কৰ বিষয়ে আলোচনাত আছে। কিন্তু শেহতীয়াকৈ ৰাখীৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁক কেমেৰাৰ সন্মুখত কান্দি থকা দেখা গৈছে।
ৰাখী সাৱন্তে শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ দুখেৰে ভৰা পূৰ্বৰ বৈবাহিক জীৱন কাহিনীৰ কথা কৈৰি কান্দিছে। তেওঁ কৈছে যে, "মোৰ সামাজিক মাধ্যমৰ একাউণ্ট হেক হৈছে।"
"এই কাৰণে, মই মোৰ প্ৰেমিক আদিল দুৰানীৰ সৈতে মুম্বাইৰ অ'শিৱাৰা আৰক্ষী চকীত উপস্থিত হৈছিলো। আৰক্ষী চকীত মই মোৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হোৱাৰ বিষয়ে অভিযোগ কৰিছোঁ।"
ইপিনে, প্ৰাক্তন স্বামী ৰীতেশে সামাজিক মাধ্যমৰ একাউণ্ট হেক কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাখীয়ে সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি কয় যে, "মোৰ প্ৰাক্তন স্বামী ৰীতেশে মোৰ জীৱন ধ্বংস কৰি পেলাইছে। তেওঁ মোক প্ৰায়ে হুমুকি দি থাকে যে, তেওঁ মোক আৰু আদিলৰ জীৱন ধ্বংস কৰি দিব। তেওঁ মোক আৰু আদিলক একেলগে থাকিবলৈ নিদিয়াৰ হুমুকি দিয়ে।"
ৰাখী সাৱন্তে প্ৰাক্তন স্বামী ৰীতেশৰ বিষয়ে আৰু কৈছে যে, "তিনি বছৰত তেওঁ মোৰ সৈতে বহুত দুৰ্ব্যৱহাৰ কৰিছে। তেওঁ মোক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছিল আৰু মোক গালি দিছিল। এতিয়া তেওঁ মোৰ সামাজিক মাধ্যমক আক্ৰমণ কৰিছে। মোৰ সকলো ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট হেক কৰিছে আৰু তেওঁ এই কামটো কৰিছে বুলি মই অৱগত হৈ থানাত গোচৰ দিছোঁ।
তেওঁ মোক কিয় আমনি কৰি আছে মই নাজানো! কিন্তু মই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰো বুলি ভাবিছিলো। তেওঁ বৰ্তমানেও মোক ব্লেকমেইল কৰি আছে। সেয়েহে উপায়ন্তৰ হৈ মই এতিয়া আৰক্ষীৰ ওচৰলৈ আহিছোঁ। মই নাজানো মোক থানাৰ ভিতৰত কি প্ৰশ্ন কৰা হ'ব। কিন্তু মুম্বাই আৰক্ষীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকে মোক সহায় কৰিব।"
Comments