গুৱাহাটী,১৩ জুন:আৰম্ভ হৈছে বহু প্ৰত্যাশিত ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰৱৰ্তী পাঁচটা ছিজনৰ (২০২৩ চনৰ পৰা ২০২৭ চনলৈকে) মিডিয়া ৰাইট্ছ নিলাম প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে কোম্পানীসমূহে ই-নিলামৰ জৰিয়তে মিডিয়া অধিকাৰৰ বাবে দৰ-দাম কৰিছে। প্ৰথম দিনা ১১ বজাৰ পৰা ৬ বজালৈকে চলিল নিবিদা প্রক্রিয়া। সূত্ৰ অনুসৰি এই নিবিদাৰ পৰিমাণ এই পর্যন্ত ৪২ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। ই পৰৱৰ্তীকালত আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কোনে সর্বাধিক নিবিদা দিছে সেই বিষয়ে এই পর্যন্ত জানিব পৰা হোৱা নাই৷ ভাৰতীয় উপ- মহাদেশৰ টিভি আৰু ডিজিটেল অধিকাৰৰ বাবে কঠোৰ যুঁজত নামিছে ভিয়াকম-১৮, ষ্টাৰ আৰু ছ’নী।
আজি এই অধিকাৰ লাভ কৰা কৰা কোম্পানীটোৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুঠ চাৰিটা পেকেজৰ বাবে নিবিদা আৰম্ভ হৈছে। প্ৰথমটো পেকেজত ভাৰতীয় উপ- মহাদেশৰ পৰা টিভিৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। অর্থাৎ ইয়াক অধিগ্ৰহণ কৰা কোম্পানীটোৱে ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহক টেলিভিশ্যনৰ জৰিয়তে টুর্নামেণ্টখন সম্প্ৰচাৰ কৰিব পৰিব। এই পেকেজত এখন মেচৰ ভিত্তিমূল্য ৪৯ কোটি টকা। দ্বিতীয়টো পেকেজ হৈছে ভাৰতীয় উপ-মহাদেশত ডিজিটেল অধিকাৰ। অধিগ্ৰহণকাৰী কোম্পানীটোৱে দক্ষিণ এছিয়াৰ ডিজিটেল প্লেটফৰ্মত লীগখন সম্প্ৰচাৰ কৰিব।
ইয়াৰ এখন মেচৰ ভিত্তিমূল্য ৩৩ কোটি টকা। আনহাতে, তৃতীয় পেকেজত ১৮ খন নিৰ্বাচিত মেচৰ বাবে ডিজিটেল অধিকাৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে ছিজনৰ প্ৰথমখন মেচ, সপ্তাহৰ শেষত হোৱা দুখন মেচৰ সন্ধিয়াৰ মেচ আৰু চাৰিখন প্লে' অফৰ মেচ। এখন মেচৰ ভিত্তিমূল্য ১১ কোটি। ইফালে চতুৰ্থটো পেকেজত ভাৰতীয় উপ-মহাদেশৰ বাহিৰৰ পৰা অহা টিভি আৰু ডিজিটেল সম্প্ৰচাৰৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। চাৰিওটা পেকেজৰ মুঠ ভিত্তিমূল্য হ’ল ৩২,৮৯০ কোটি টকা। নিলামত ৮ টা কোম্পানীয়ে অংশগ্ৰহণ কৰিছে যদিও ভাৰতীয় উপ-মহাদেশত মুকেশ আম্বানিৰ ভিয়াকম-১৮ আৰু ষ্টাৰৰ মাজত টিভি আৰু ডিজিটেল ৰাইট্ছৰ বাবে এক কঠিন প্ৰতিযোগিতা হৈছে।
Comments