গুৱাহাটী,১৩ জুন:বলীউড আৰু ড্ৰাগছ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷বিগত দুবছৰে ড্ৰাগছৰ গোচৰত বহুতো বলীউডৰ তাৰকাৰ নাম সাঙোৰ খাইছে।এতিয়া বলীউডৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভায়েক সিদ্ধান্ত কাপুৰক যোৱা নিশা বেংগালুৰুৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সেৱনৰ অভিযোগত৷
এটা ৰেভ পাৰ্টিত আৰক্ষীয়ে চলোৱা অভিযানত সিদ্ধান্ত ধৰা পৰে আৰক্ষীৰ জালত।প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছ সেৱন কৰা ছয়জন লোকৰ ভিতৰত এজন আছিল সিদ্ধান্ত কাপুৰ৷ভাতৃৰ আটকৰ পিছত এতিয়া ভগ্নী শ্ৰদ্ধাকো তদন্তৰ আওতালৈ অনা হ'ব বুলি জানিব পৰা গৈছে ।
বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি, সিদ্ধান্তে ৰেভ পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰি আছিল।তেওঁৰ সৈতে আৰু পাঁচজন লোক জড়িত হৈ আছে। ৰেভ পাৰ্টিটো বেংগালুৰুৰ এমজি ৰোডৰ এখন হোটেলত অনুষ্ঠিত হৈছিল।সিদ্ধান্ত কাপুৰক আৰক্ষীয়ে হাতে লোটে ধৰা পেলাই।সিদ্ধান্ত কাপুৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ।শক্তি কাপুৰৰ বলীউডত এক সুনাম আছে।সিদ্ধান্তকো দুই এক নিৰ্বাচিত চলচ্চিত্ৰতহে দেখা গৈছিল।কিন্তু তেওঁৰ অভিনয় কেৰিয়াৰ প্ৰায় ফ্ল’প বুলিয়েই ক’ব পাৰি।
সিদ্ধান্ত কাপুৰক ভগ্নী শ্ৰদ্ধা কাপুৰ অভিনীত 'হাছিনা পাৰ্কাৰ'ত দেখা গৈছিল।উল্লেখযোগ্য যে ২০২০ চনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছত ড্ৰাগছৰ গোচৰত শ্ৰদ্ধা কাপুৰৰ নামো আহিছিল । শ্ৰদ্ধাকো এই ক্ষেত্ৰত এনচিবিয়ে প্ৰশ্ন কৰিছিল ।
Comments