গুৱাহাটী,১৩ জুন:লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত আগন্তুক আগষ্ট মাহৰ কোনো এটা বিশেষ দিনত ৰাজ্যৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ লোকে লিখিব লাগিব লাচিত বৰফুকনৰ বিষয়ে।
প্ৰতিখন জিলাৰ কমেও ৩০ শতাংশ লোকে লাচিত বৰফুকনৰ বিষয়ে এটাকৈ হ’লেও দফা লিখাৰ আহ্বান জনাই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ কমেও এক কোটি জনতাই যাতে লাচিত বৰফুকনৰ বিষয়ে এটাকৈ হ’লেও টোকা লিখে সেই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সেই টোকাত অংশগ্ৰহণকাৰীৰ নাম-ঠিকনা লিখি দিব লাগিব ৷ দায়িত্বত থকা নিৰ্দিষ্ট লোকে সেই লেখা জমা লোৱাৰ পাছত অংশগ্ৰহণকাৰীক কৃতজ্ঞতা স্বীকাৰ কৰিব ৰাজ্য চৰকাৰে ৷
দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’বআনহাতে,৫ আগষ্টৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি লোক কল্যাণ দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিশেষ দিনটোত প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰা হ’ব, যিসকলৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকাৰ লগতে কৰ্মচাৰীজনৰ দক্ষতাও থাকে ৷ উপহাৰস্বৰূপে নিৰ্বাচিত কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰোৱা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
Comments