গুৱাহাটী,১৩ জুন:আৰম্ভ হৈছে নলবাৰী ক্রীড়া সন্থাৰ আন্তঃক্লাব ফুটবল প্রতিযোগিতা। কালি বিয়লি ৭টা ব্লকত লীগৰ শুভাৰম্ভণি কৰা হয়। সেই মর্মে পূব নলবাৰী ব্লকৰ গর্ডন স্কুল খেলপথাৰত স্পৰ্টিং ইউনিয়ন আৰু বালিকৰিয়া ক্রীড়া সংঘৰ মাজত চলা খেলখন ১-১ গ'লত ড্র হয়। উক্ত প্রতিযোগিতাত ক্রীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ উপ-সভাপতি উৎপল ডেকাই আৰু খেলখন উদ্বোধন কৰে গ্ৰাম্য বিকাশ মঞ্চ, বৰবৰীৰ পৃথ্বিভূষণ ডেকাই।
মধুপুৰ ব্লকৰ নতুন দেহৰ হাইস্কুল খেলপথাৰত গ্লেমাৰ স্পৰ্টছ ক্লাবে নেহৰু এথলেটিক্ছ ক্লাবক ৩-১ গ'লত পৰাস্ত কৰে। টিহু ব্লকৰ মাখিবাহা খেলপথাৰত মাখিবাহা ক্রীড়া সংঘই টিহু স্প'ৰ্টই এছ'চিয়েচনক ৩-১ গ'লত পৰাস্ত কৰে।
পশ্চিম নলবাৰী ব্লকৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডলফিন স্প'ৰ্টছ ক্লাবে বেলশৰ আঞ্চলিক ক্রীড়া সংঘক ১-০ গ'লত পৰাস্ত কৰে। বৰক্ষেত্ৰী ব্লকৰ দেশভক্ত ষ্টেডিয়াম,মুকালমুৱাত লোহাৰকাথা যুৱক সংঘই বৃহত্তৰ নাৰায়ণপুৰ ক্রীড়া সংঘক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।
বৰভাগ ব্লকৰ কৰিয়া হাইস্কুল খেলপথাৰত কৰিয়া যুৱক সংঘই বৰভাগ আঞ্চলিক ক্রীড়া সংঘক ২-১ গলত আৰু বড়িগোগ বনভাগ ব্লকৰ দয়াপাৰ হাইস্কুল খেলপথাৰত ধর্মধমা স্পৰ্টছ এছ'চিয়েচনে বনভাগ উদয়ন সংঘক ১০-০ গ'লৰ ব্যৱধানত হৰুৱাই।
Comments