গুৱাহাটী,১৬ জুন:আসন্ন কমনৱেলথ গেমছত অসমৰ দুই দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোঁহায়ে খেলিব পাৰিব নে নাই সেয়া এতিয়া ৰেংকিঙৰ ওপৰতে নিৰ্ভৰ কৰিব৷ কাৰণ উভয় এথলীটে চলিত ৬১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ প্রতিযোগিতাত পদক লাভ কৰাৰ পাছতো আসন্ন কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জনৰ মাপকাঠিৰ সময় স্পৰ্শ কৰাত বিফল হ'ল।
চেন্নাইত চলি থকা ৬১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ প্রতিযোগিতাত নতুন আশাৰে ২০০ মিটাৰ দৌৰত অংশ লয় ভাৰত গৌৰৱ অসমৰ দুই তাৰকা এথলীট হিমা দাস আৰু অম্লান বৰগোঁহায়ে। উভয়ৰে লক্ষ্য আছিল অহা ২৮ জুলাইৰ পৰা আঠ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবেপোনপটীয়াকৈ ২০০ মিটাৰ দৌৰৰ টিকট লোৱা। কিন্তু অম্লানে ২১ ছেকেণ্ড সময় লৈ ২০০ মিটাৰ দৌৰৰ সোণ লাভ কৰে যদিও কমনৱেলথ গেমছ (২০.১৫ ছেকেণ্ড) আৰু বিশ্ব চেম্পিয়নশ্বিপ (২০.২৪ ছেকেণ্ড)লৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয়। ইফালে, হিমাই ২৩.২৯ ছেকেণ্ড সময় লৈ ২০০ মিটাৰ দৌৰত ৰূপৰ পদকহে লাভ কৰে।
উল্লেখ্য যে ২০০ মিটাৰ দৌৰত মহিলাৰ যোগ্যতাৰ মাপকাঠি হ’ল কমনৱেলথ গেমছ (২২.৭০ ছেকেণ্ড) আৰু বিশ্ব চেম্পিয়নশ্বিপ (২২.৮০ ছেকেণ্ড) আৰু এছিয়ান গেমছ (২৩.১৭ ছেকেণ্ড)। উল্লেখ্য যে অম্লানে ২০০ মিটাৰ দৌৰত এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিছে। কৰ'নাৰ বাবে এছিয়ান গেমছ এবছৰলৈ পিছুৱাই দিয়াত হিমাৰ সুযোগ থাকিব। কিন্তু অহামাহৰ পৰা হ’বলগা কমনৱেলথ গেমছত হিমা আৰু অম্লানে খেলিব পাৰিব নে নাই সেয়া এতিয়া ৰেংকিঙৰ ওপৰতে নিৰ্ভৰ কৰি অপেক্ষা কৰিব লাগিব।
Comments